বিশেষ বাৰ্তা, ৯ জুলাইঃ ৰে’লত যাত্ৰা কৰা লোকৰ বাবে এটা ভাল খবৰ। ৰে’লৱে ব’ৰ্ডে এটা আদেশত উল্লেখ কৰিছে যে বন্দে ভাৰত আৰু অনুভূতি আৰু ভিষ্টাডোম ৰে’লত যাত্ৰীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এচি শ্বেয়াৰ গাড়ী আৰু কাৰ্যবাহী শ্ৰেণীৰ ভাৰা ২৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰা হ’ব। এই নিৰ্দেশ অনুসৰি ভাৰাৰ ৰেহাই প্ৰতিযোগী পৰিবহণ ব্যৱস্থাৰ ভাৰাৰ ওপৰতো নিৰ্ভৰ কৰিব। ৰে’ল সেৱাৰ সৰ্বোচ্চ ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰালয়ে ৰে’ল বিভাগৰ প্ৰধান মুখ্য বাণিজ্যিক পৰিচালকসকলক এচি আসনৰ ৰে’লৰ ভাৰাত ৰেহাইৰ ক্ষমতা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেলৱে ব’ৰ্ডৰ নিৰ্দেশত কোৱা হৈছে যে অনুভূতি আৰু ভিষ্টাডোম বগীকে ধৰি এচি ছীট থকা সকলো ৰে’লৰ এচি শ্বেয়াৰ কাৰ আৰু এগজিকিউটিভ ক্লাছত এই আঁচনি প্ৰযোজ্য হ’ব। আদেশত কোৱা হৈছে, “মূল ভাড়াত সৰ্বাধিক ২৫ শতাংশ পৰ্যন্ত ৰেহাই হ’ব পাৰে। অন্যান্য চাৰ্জ যেনে- ৰিজাৰ্ভেচন মাচুল, ছুপাৰফাষ্ট চাৰ্চাৰ্জ, জি এছ টি অতিৰিক্তভাৱে লোৱা হ’ব পাৰে। যাত্ৰীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি যিকোনো শ্ৰেণীত বা সকলো শ্ৰেণীতে ৰেহাই দিব পাৰিব। যোৱা ৩০ দিনৰ ভিতৰত ৫০ শতাংশতকৈ কম যাত্ৰী থকা শ্ৰেণীসমূহ বিবেচনা কৰিব পাৰি। আদেশত আৰু কোৱা হৈছে যে ভাৰাৰ ৰেহাইৰ সিদ্ধান্ত লোৱাৰ সময়ত প্ৰতিযোগী পৰিবহণ পদ্ধতিৰ ভাড়াৰ কথা লক্ষ্য কৰা হ’ব। এই আদেশ অনুসৰি, “তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ৰেহাই ব্যৱস্থা ৰূপায়ণ কৰিব লাগে। ইতিমধ্যে আসন বুকিং কৰা যাত্ৰীসকলক ভাৰা ঘূৰাই দিয়া নহ’ব। যিখন ৰে’লত ভাৰা বৃদ্ধি-হ্ৰাস ব্যৱস্থা এটা বিশেষ শ্ৰেণীত প্ৰযোজ্য আৰু যাত্ৰীৰ সংখ্যা কম হৈ থাকে, সেইখন ৰে’লত যাত্ৰীৰ সংখ্যা বৃদ্ধিৰ কচৰৎ হিচাপে প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনিখন প্ৰত্যাহাৰ কৰিব পাৰি। এই ক্ৰমত স্পষ্ট কৰা হৈছে যে বন্ধ বা উৎসৱৰ সময়ত চলা বিশেষ ৰে’লত এই আঁচনি প্ৰযোজ্য নহ’ব।