নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ মার্চত বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ১৪ ফেব্রুৱাৰীঃ অহা ২ মার্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ অহা ৪ মার্চত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত ২০২০–২১ বর্ষৰ বাবে বাজেট দাখিল কৰিব৷ বাজেট দাখিলৰ পিছত অহা ৫ আৰু ৬ মার্চত বাজেটৰ ওপৰত আলোচনা চলিব৷ অহা ২৭ মার্চলৈ চলিবলগীয়া এই অধিৱেশনৰ মুঠ কার্যদিন হৈছে ১২ দিন৷ সদন চলিবলগীয়া দিনকেইটা হৈছে– ২, ৩, ৪, ৫, ৬, ২০, ২১, ২৩, ২৪, ২৫, ২৬ আৰু ২৭ মার্চ৷

You might also like