নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ লাখ টকাৰ হেৰ’ইনসহ মণিপুৰৰ ড্রাগ্ছ মাফিয়াক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৯ জুলাই : গুৱাহাটীত অব্যাহত আছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীৰ ধাৰাবাহিক ড্রাগ্ছবিৰোধী অভিযানৰ পাছতো ড্রাগ্ছ সৰবৰাহকাৰী চক্রই ন ন কৌশলেৰে ড্রাগ্ছৰ সৰবৰাহ আৰু বেহা অব্যাহত ৰাখিছে ৷ মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত আজি নাৰেংগী তিনিআলিত ড্রাগ্ছসহ মণিপুৰৰ য়ায়ীহা খান (৩৫) নামৰ এটা ড্রাগ্ছ মাফিয়াক নুনমাটি আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৯টা চাবোনৰ বাকচত ভৰাই অনা ১১০ গ্রাম হেৰ’ইন জব্দ কৰে ৷ ড্রাগ্ছ সৰবৰাহকাৰীটোৱে মণিপুৰৰ পৰা গুৱাহাটীলৈ হেৰ’ইনখিনি বিক্রীৰ বাবে আনিছিল ৷ জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰ মূল্য প্রায় ৫০ লাখ টকা ৷ ঘটনা সন্দর্ভত নুনমাটি আৰক্ষীয়ে এন ডি পি এছ এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

You might also like