নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলু নৈত মৃতদেহ উদ্ধাৰ

বিশেষ বাৰ্তা, ৯ জুলাই : মহানগৰীৰ বিৰুবাৰীৰ ৰামকৃষ্ণ মিছন পথৰ সমীপত আজি ভৰলু নৈত এটা মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হয় ৷ ভৰলু নৈত আৱর্জনাৰ মাজত সম্পূর্ণ উলংগ অৱস্থাত মৃতদেহটো ওপঙি থকা প্রত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক অৱগত কৰায় ৷ পিছত বিৰুবাৰী আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অর্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিবলৈ ৭২ ঘণ্টাৰ বাবে জি এম চি এইচৰ মর্গত ৰাখিছে ৷ প্রকৃততে এয়া হত্যা নে আত্মহত্যা, সেই সন্দর্ভত কোনো তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে মৃতদেহটো ভৰলু নৈত উটি অহা বুলি সন্দেহ কৰে যদিও তদন্তৰ পাছতহে প্রকৃত সত্য পোহৰলৈ আহিব বুলি সদৰী কৰে ৷

You might also like