নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিতৌ অৰ্ধশতাধিক সাৰমেয়ক আহাৰ বনাই খুওৱা জোনাইৰ শেৱালি ৰেগন

নিয়মীয়া বাৰ্তা, ১০ জুলাই : মাতৃৰ হৃদয় মমতাময়ী ৷ নিজৰ সন্তানৰ বাবেই হওক বা আন দহজনৰ বাবেই হওক- এগৰাকী মাতৃৰ হৃদয় সদায় সমান ৷ জোনাইৰ এগৰাকী মাতৃ, যিগৰাকীৰ নিজৰ পৰিয়ালৰ লগতে জীৱ-জন্তুৰ প্ৰতিও আছে অগাধ মৰম ৷ মহিলাগৰাকীৰ নাম শেৱালি ৰেগন ৷ জোনাই বাহিৰ চিলে গাঁৱৰ নিৱাসী শেৱালি ৰেগন ৷ জোনাই পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল খণ্ডত এখন সৰু চালিৰ তলত দোকান এখন দি পৰিয়াল পোহপাল দিয়া এগৰাকী সাধাৰণ মহিলা ৷ কিন্তু এইগৰাকী মহিলাই আন দহজনে কৰিব নোৱাৰা এটি কাম নিতৌ কৰে ৷ সৰু দোকান দি পৰিয়াল পোহপাল দিয়া শেৱালি ৰেগন নামৰ মহিলাগৰাকীৰ আছে জীৱ-জন্তুৰ প্ৰতি অগাধ মৰম-স্নেহ ৷ মহিলাগৰাকীয়ে বৰ্তমানে এজাক সাৰমেয়ক নিতৌ আহাৰ বনাই খুৱাই আহিছে ৷ জোনাইৰ উচ্ছেদিত কবু চাপৰিৰ পৰা উদ্ধাৰ কৰা অৰ্ধশতাধিক কুকুৰক নিজৰ সন্তানৰ দৰে আহাৰ বনাই খুৱাই আছে মহিলাগৰাকীয়ে। এই উদ্ধাৰ কৰা কুকুৰৰ বাবে নিতৌ বিভিন্নজনে আনে বিভিন্ন খাদ্য সামগ্ৰী ৷ বিভিন্নজনে অনা খাদ্য সামগ্ৰী দিনত দুবাৰকৈ ৰান্ধি-বাঢ়ি কুকুৰবোৰক আগবঢ়াই দিয়ে শেৱালি ৰেগন নামৰ মহিলাগৰাকীয়ে ৷ নিজৰ পৰিয়ালৰ সদস্যৰ দৰে কুকুৰবোৰক বৰ্তমান প্ৰতিপালন কৰি আছে মহিলাগৰাকীয়ে৷ ইয়াৰ উপৰি এজাক পাৰ চৰাইৰ বাবে ঘৰৰ চাউল নাইবা বেচিবলৈ অনা বুট মাহ দিয়ে নিজ হাতে ৷ শেৱালিয়ে দৈনিক এনেকৈয়ে আগবঢ়াই গৈছে সেৱা।
প্ৰেৰক কৰবী দলে
You might also like