নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ ভাৰতত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ : ধাৰাসাৰ বৰষুণত কমেও ২৮জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ১০ জুলাই : মুষলধাৰ বৰষুণৰ ফলত উত্তৰ ভাৰতত কমেও ২৮জন লোকৰ প্ৰাণহানি হয়। বিগত চাৰি দিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ উত্তৰ ভাৰত ক্ষতিগ্ৰস্ত হৈছে। আগন্তুক দুদিনলৈ অধিক বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে বানপানীৰ ফলত দলং ভাঙি গৈছে, পথৰ ক্ষতিসাধন হৈছে। বৰষুণ বাঢ়িলে ক্ষতিৰ পৰিমাণ অধিক বাঢ়িব বুলি আশংকা কৰা হৈছে। দিল্লী, নয়দাকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো চহৰত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। প্ৰশাসনে ঘৰৰ পৰাই বিভিন্ন কাৰ্যালয়ৰ কাম কৰাৰ পৰামৰ্শ আগবঢ়াইছে। দেওবাৰলৈকে ধাৰাসাৰ বৰষুণৰ ফলত ১২জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছিল। এদিনৰ ভিতৰতে সেই সংখ্যা ২৮লৈ বৃদ্ধি পাইছে। বহু চহৰত আঁঠুলৈকে পানী ভৰি আছে। ৪১ বছৰীয়া অভিলেখ ভংগ কৰি সৰ্বাধিক বৰষুণ হয় দিল্লীত। যমুনা নদীৰ জলপৃষ্ঠ বিপজ্জনকভাৱে বৃদ্ধি পাইছে। দিল্লীৰ উপৰি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, হাৰিয়ানা, জম্মু-কাশ্মীৰো বৰষুণৰ দ্বাৰা প্ৰভাৱিত হৈছে। কাশ্মীৰৰ কেইবাখনো জিলাত বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰাখণ্ডতো ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈছে। বিপদসীমাৰ ওপৰেৰে বৈছে কেইবাখনো নদী। হিমাচল প্ৰদেশতো বৰষুণৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। ১২খন জিলাৰ ভিতৰত ১০খন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বেয়া বতৰৰ বাবে বিপদত পৰিছে পৰ্যটক। তদুপৰি বহু গাড়ী পানীয়ে উটুৱাই লৈ যায়। নদীৰ পানী বৃদ্ধিৰ বাবে ছেৰাজতো কেইবাখনো দলং ভাঙি গৈছে।

You might also like