উইপ্র’ৰ বকেয়া ৭০ কোটি টকা আদায় নিদিয়া বাবে অচল ৱেবছাইট
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৭০ কোটি টকা অনাদায়ৰ বাবেই ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) ৱেবছাইট এতিয়া অচল হৈ আছে৷ এন আৰ চিৰ ৱেবছাইট চোৱাচিতা কৰাৰ দায়িত্বত থকা আই টি কোম্পানী উইপ্র’ৰ তৰফৰ পৰা বৃহস্পতিবাৰে এই কথা প্রকাশ কৰা হৈছে৷
তদুপৰি ৩ লাখ টকাকৈ ৱেবছাইটৰ (ক্লাউড) মাহেলী ‘ছাবস্ক্রিপচন’ৰ ধনো চৰকাৰৰ পৰা লাভ কৰা নাই কোম্পানীটোয়ে৷ বকেয়া ধনৰাশি লাভ কৰা মাত্রেই ৱেবছাইটটো সচল হৈ পৰিব বুলিও উইপ্র’ৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে৷
উল্লেখ্য যে এন আৰ চিৰ ৱেবছাইটৰ পৰা তথ্য অন্তর্ধান হোৱাৰ বাতৰিয়ে অসমত তীব্র প্রতিক্রিয়া সৃষ্টি কৰাৰ পাছত বুধবাৰে কেন্দ্রীয় গৃহ বিভাগে এক স্পষ্টীকৰণ জাৰি কৰিছিল৷ এন আৰ চিৰ সকলো নথিপত্র ক্লাউডত সম্পূর্ণৰূপে সুৰক্ষিত থকা বুলি গৃহ মন্ত্রালয়ে প্রকাশ কৰিছিল৷ উল্লেখ্য যে যোৱা বছৰৰ ১৯ অক্টোবৰত কেন্দ্রীয় গৃহ বিভাগ আৰু উইপ্র’ৰ মাজত হোৱা এন আৰ চি চোৱাচিতা কৰা চুক্তিৰ ম্যাদ উকলি গৈছিল৷ পিছে ব্যৱসায়িক সুনাম ৰক্ষার্থে কোম্পানীটোৱে চলিত বছৰৰ জানুৱাৰী মাহলৈকে ৱেবছাইটো সচল ৰাখিছিল৷
মন কৰিবলগীয়া যে ২০১৪ চনত উইপ্র’ই কেন্দ্রীয় গৃহ বিভাগ আৰু ভাৰতৰ মহাপঞ্জীয়াকৰ সৈতে এন আৰ চি উন্নীতকৰণৰ বাবে ‘ছিষ্টেম ইণ্টিগ্রেটৰ’ হিচাপে চুক্তিবদ্ধ হৈছিল৷ ইপিনে চৰকাৰী সূত্রত প্রকাশ পোৱা মতে, উইপ্র’ৰ বকেয়া ৭০ কোটি টকাৰ ৪০ কোটি টকা অলপতে অনুমোদন জনোৱা হৈছে যদিও এতিয়ালৈকে পুঁজি মোকলাই দিয়া হোৱা নাই৷ শীঘ্রে কোম্পানীটোৰ বকেয়া সম্পূর্ণ পুঁজি মোকলাই দিয়া হ’ব তথা চুক্তিও নৱীকৰণ কৰা হ’ব বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷