নিয়মীয়া বাৰ্তা, ২০ জুলাই : নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্কৃতি গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনোৱাৰ সময়তে ব্যৱসায়িক ভিত্তিত বিদেশী ভাটৌৰ ফাৰ্ম খুলি চৰ্চালৈ আহিছে নগৰবেৰাৰ ৰাকেশ বৰ্মন নামৰ এজন যুৱক | নিজৰ ঘৰত লোৰ জালেৰে ঘেৰি লৈ আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশৰ ভাটৌ, পাৰচৰাই আদিৰ ফাৰ্ম এখন খুলি স্বাৱলম্বী হৈছে ৰাকেশ বৰ্মন নামৰ উদ্যমী যুৱকজন | নগৰবেৰাৰ মন্দিৰা নিছিলামাৰী গাঁৱৰ ৰাকেশ বৰ্মনে ইউটিউবত ভিডিঅ’ চাই চাই আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি বিভিন্ন দেশৰ ভাটৌ, পাৰচৰাই, হাঁহ আদিৰ ফাৰ্ম খুলি ঘৰতেই চলাই গৈছে সুন্দৰ ব্যৱসায় | চৰাই-চিৰিকটিৰ কলৰৱত অনবৰতে মুখৰিত, চৰাইবোৰক সুন্দৰকৈ মাটিৰ টেকেলি আঁৰি বাহপৰ্যন্ত সাজি দিছে, মুঠতে ৰাকেশ বৰ্মনৰ পৰা চৰাই কিনিবলৈ গ্ৰাহকৰ ভিৰ হোৱাৰ উপৰি ৰাজ্যৰ ভিন্ন স্থানলৈ ফাৰ্মৰ ভাটৌ আৰু বহিঃদেশৰ হাঁহ, পাৰচৰাই লৈ যায় একাংশ ব্যৱসায়ীয়ে | ৰাকেশ বৰ্মনে এই ব্যৱসায় নিবনুৱাসকলৰ বাবে জীৱিকাৰ পথ হ’ব পাৰে বুলিও মন্তব্য কৰে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস