বিশেষ বাৰ্তা, ২০ জুলাই : গুৱাহাটীৰ উলুবাৰীত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা হয় এটা ড্ৰাগছ সৰবৰাহকাৰীক। ইব্ৰাহিম আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হয় দুই বাকচ বৰবিহ হেৰ’ইন, ২০টা কন্টেইনাৰ আৰু এখন স্কুটী। জব্দকৃত প্ৰায় ৩০ গ্ৰাম ড্ৰাগছৰ বজাৰ মূল্য আনুমানিক ১০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।
Next Post
You might also like