বিশেষ বাৰ্তা, ২০ জুলাই : নিশা হ’লেই মাতাল হয় মহানগৰীৰ পৰিৱেশ। ছয়মাইলত থকা NUTS AND BREW বাৰ-ৰেষ্টুৰেন্টত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। স্থানীয় যুৱক আৰু ৰেষ্টুৰেণ্টখনৰ সদস্যসকলৰ মাজত সৃষ্টি হয় তৰ্কাতৰ্কি, হতাহতি। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বাৰ-ৰেষ্টুৰেন্টখন বন্ধ কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ সন্মুখতে সাংবাদিককো অভব্য আচৰণ কৰে উদণ্ড যুৱকে। উত্থাপিত অভিযোগ মতে, ৰেষ্টুৰেণ্টখনত বহুদিনৰে পৰা সৃষ্টি হৈ আছিল বিশৃংখল পৰিস্থিতি। প্ৰতিদিনে চিঞৰ-বাখৰ, হাই-উৰুমিৰে সৃষ্টি হয় অভাৱনীয় পৰিৱেশৰ। বহুদিনৰ পৰাই স্থানীয় লোক এই পৰিস্থিতিৰ ভুক্তভোগী হৈ আহিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, পুৱতি নিশালৈকে উচ্চ স্বৰত গান বজাই পৰিৱেশ বিনষ্ট কৰি আহিছে। নিশা হ’লেই মহানগৰীৰ একাংশ যুৱক-যুৱতীৰ লানি নিছিগা সোঁত বয় ৰেষ্টুৰেন্টখনলৈ।