নিয়মীয়া বাৰ্তা, ২০ জুলাই : মৰিগাঁৱৰ লাহৰীঘাটত এগৰাকী ন-বোৱাৰীৰ আত্মহত্যাৰ ঘটনা সম্প্ৰতি ৰহস্যৰ আৰ্ৱতত সোমাই পৰিছে। উক্ত আত্মহত্যাৰ ঘটনাটো ১৭ জুলাইত লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গৰম বজাৰত সংঘটিত হৈছিল। গাঁওখনৰ আজিজুল হক নামৰ ব্যক্তিজনৰ পত্নী জুবিনা খাতুনে উক্ত দিনা দুপৰীয়া ভাগত চিপ লৈ আত্মহত্যা কৰা বুলি জানিব পৰা গৈছিল। কিন্তু ভুক্তভোগী বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে ঘটনাটো সহজভাৱে ল’ব পৰা নাছিল। পৰিয়ালৰ লোকৰ অভিযোগ জুবিনাক স্বামীসহ একাংশই ডিঙি চেপি হত্যা কৰিছে। আনকি শেহতীয়াভাৱে পৰিয়ালৰ লোকে মৃত জুবিনাৰ স্বামীসহ আন চাৰিজন লোকৰ বিৰুদ্ধে লাহৰীঘাট থানাত হত্যাৰ গোচৰ তৰিছে। ইফালে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এনেদৰে ৰহস্যৰ আৰ্বতত সোমাই পৰা ঘটনাটো প্ৰকৃততে আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিছে।
প্ৰেৰক আবুল কালাম