নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মণিপুৰ কাণ্ডক লৈ বিৰোধী ‘ছিৰিয়াছ’ নহয়’

🔴 সংসদত আলোচনাৰ বাবে সাজু চৰকাৰ : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
বিশেষ বাৰ্তা, ২১ জুলাই : মণিপুৰত মহিলাক উলংগ কৰি সমদল উলিওৱা ঘটনাক লৈ সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। ইফালে, সংসদৰ বৰ্ষাকালীন অধিৱেশনত এই বিষয়টোক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মণিপুৰ সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰ সাজু বুলি কৈছে। লোকসভাত ভাষণ দি ৰাজনাথ সিঙে কয় যে প্ৰধানমন্ত্ৰীয়ে নিজেই এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ কথা কৈছে। বিৰোধী সাংসদসকলে শ্লোগান দিয়াৰ মাজতে লোকসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়- “মণিপুৰৰ ঘটনাটো নিশ্চিতভাৱে অতি গুৰুতৰ আৰু ইয়াৰ গুৰুত্ব উপলব্ধি কৰি প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে মণিপুৰত যি হৈছে, সেয়াই সমগ্ৰ দেশবাসীক লজ্জানত কৰি তুলিছে। আনকি প্ৰধানমন্ত্ৰীয়েও মণিপুৰৰ ঘটনা সন্দৰ্ভত কঠোৰতম পদক্ষেপ গ্ৰহণৰ কথা কৈছে।” ৰাজনাথ সিঙে আৰু কয়- “আমি বিচাৰোঁ যে এই ঘটনা সন্দৰ্ভত সংসদত আলোচনা হওক। মই সৰ্বদলীয় বৈঠকতো এই কথা কৈছোঁ আৰু আজি সদনত পুনৰ ক’ব বিচাৰিছোঁ যে মণিপুৰ কাণ্ডৰ বিষয়ে সদনত আলোচনা হওক।” বিৰোধী দলসমূহক লক্ষ্য কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়- “মই দেখিছোঁ যে কিছুমান ৰাজনৈতিক দল আছে, যিয়ে অপ্ৰয়োজনীয়ভাৱে ইয়াত এনে পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰে, যাতে মণিপুৰ কাণ্ডৰ বিষয়ে কোনো কাৰণতে আলোচনা কৰিব নোৱাৰি। মই স্পষ্টকৈ অভিযোগ কৰিব বিচাৰোঁ যে মণিপুৰ কাণ্ডক লৈ বিৰোধীয়ে যিমান গুৰুত্ব দিব লাগে, সিমান গুৰুত্ব দিয়া নাই।”

You might also like