নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ বিষয়টো গুৰুতৰ-স্পৰ্শকাতৰ : সীতাৰমণ

বিশেষ বাৰ্তা, ২১ জুলাইঃ মণিপুৰৰ হিংসাক লৈ নতুন দিল্লীত বিৰোধীৰ প্রতিবাদত দুই সদন উত্তাল হৈ থকাৰ সময়তে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে গুৱাহাটীত এক কার্যসূচীত অংশগ্রহণ কৰি মণিপুৰৰ বিষয়টোক লৈ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ কেন্দ্রয়ী বিত্তমন্ত্রী নির্মলা সীতাৰমণে মণিপুৰ বিষয়ক লৈ কয়– ‘ৰাজ্যখনৰ বিষয়টো গুৰুতৰ আৰু স্পৰ্শকাতৰ৷ ৰাজ্যখনৰ সকলো সম্প্রদায় ইয়াৰ বাবে ক্ষতিগ্রস্ত হৈছে৷ ভয়ংকৰ নাৰী নির্যাতনৰ ঘটনাৰ সৈতে জৰিতক কৰায়ত্ত কৰাৰ বাবে চৰকাৰ প্রতিশ্রুতিৱদ্ধ আৰু ৰাজ্যখনৰ পৰিস্থিতিও চৰকাৰে গুৰুত্বসহকাৰে লৈছে৷ ইপিনে কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মণিপুৰৰ ঘটনাক লৈ সমগ্র দেশে লজ্জানত হোৱা বুলি মন্তব্যৰ প্রশংস উল্লেখ কৰি বিত্তমন্ত্রীগৰাকীয়ে কয় যে ৰাজ্য আৰু ৰাজ্যখনৰ সকলো সম্প্রদায় গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ইয়াক সঠিক আৰু নির্ণায়ক ব্যৱস্থাৰে সমাধান কৰিব লাগিব৷

You might also like