নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ জুলাই, শাওণ মাহৰ ১১ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : অনুৰাধা, যাত্রা : শুভ

মেষ : কর্মস্থানত জটিলতা কমিব ৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব ৷ উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫ ৷
বৃষ : পৰিৱেশত অস্থিৰতা থাকিব পাৰে ৷ মনৰ দৃঢ়তা ৰাখক, সকলো নিয়ন্ত্রণক্ষম হ’ব ৷ বিদ্যাত উন্নতিৰ আশা ক্ষীণ ৷ প্রেমত শুভ ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩ ৷
মিথুন : কোনো সম্পদৰ প্রতি নজৰ ৰাখক ৷ হাতৰ পৰা যাতে সুযোগ সৰকি নাযায় সাৱধান হওক ৷ দাম্পত্যতো তদ্রূপ ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭ ৷
কর্কট : বল প্রয়োগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে ৷ কিন্তু তাতো বৰ সফল নহ’ব ৷ নতুন সংযোগত বিৰাগ ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ২ ৷
সিংহ : দৃঢ়মত পোষণ কৰিলে সুখী হ’ব ৷ বিৰক্তি আৰু কিছুমান বাঞ্ছিত কর্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্ণতা থাকিব ৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ১ ৷
কন্যা : এটাৰ পিছত এটা আহুকাল এৰাব পৰা টান ৷ আপোনাৰ স্ব–কর্মৰ প্রতি কিছুমান অহমিকাই ভৱিষ্যতৰ উন্নতিত হেঙাৰ দিব ৷ শুভ ৰং মটীয়া, শুভ সংখ্যা ৮ ৷
তুলা : মধ্যম ফল ৷ কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব ৷ লগতে আপোনাৰ দক্ষতাৰ প্রতি কোনো আনুষ্ঠানিক আহ্বান আহিব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪ ৷
বৃশ্চিক : কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব ৷ দাম্পত্যত আনন্দ ৷ কিন্তু কোনো কথাৰ বাবে উৎকণ্ঠিত হোৱাৰ আশংকা ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬ ৷
ধনু : শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে, বিশেষকৈ দুর্বল আৰু বয়সস্থসকলে ৷ বিদ্যাত যত্নৰ ত্রুটি নকৰিব ৷ আর্থিক উন্নতিত বাধা ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ৷
মকৰ : আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব ৷ কোনো প্রশংসনীয় বিষয় বা তেনে লোকৰ লগত সু–সম্বন্ধ গঢ়িব পাৰে ৷ বিদ্যাত মধ্যম ৷ শুভ ৰং কমলা ৷ শুভ সংখ্যা ৪ ৷
কুম্ভ : মনত অত্যন্ত কুটিল প্রশ্ণই তোলাপাৰ লগাব পাৰে ৷ দাম্পত্যত চিন্তা ৷ মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব ৷ শুভ ৰং বগা, সংখ্যা ৩ ৷
মীন : মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি ৷ বিদ্যার্থীৰ বাবে বাধা দেখা নাযায় ৷ দুপৰীয়াৰ পৰা সাৱধান হওক ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬ ৷

You might also like