নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰীৰ পানীৰ বটলত সহপাঠীয়ে ভৰালে প্ৰস্ৰাৱ! উত্তপ্ত ৰাজস্থান

বিশেষ বাৰ্তা, ৩১ জুলাইঃ ৰাজস্থানৰ এগৰাকী কিশোৰীয়ে একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পানীৰ বটলত প্ৰস্ৰাৱ ভৰোৱাৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি শুকুৰবাৰে সেই পানীৰ বটলৰ পৰা চুমুক দি থাকোঁতে তাত প্ৰস্ৰাৱৰ তিতা গোন্ধ অনুভৱ কৰিছিল। ছোৱালীজনীয়ে দাবী কৰিছিল যে এই কাম তেওঁৰ সহপাঠী কেইজনমানে কৰিছে। আনকি স্কুলৰ বেগত এখন প্ৰেমৰ চিঠিও পাইছিল। অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হৈছিল যদিও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পিছতে স্থানীয় ৰাইজে এজন অভিযুক্তৰ ঘৰত ইটা দলিয়ায়। লিখিত অভিযোগ উত্থাপন হ’লে বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস দিছে আৰক্ষীয়ে। ৰাজস্থানৰ ভীলৱাৰা জিলাৰ এখন চৰকাৰী হাইস্কুলৰ এগৰাকী কন্যা ছাত্ৰীয়ে অভিযোগ কৰে যে শুকুৰবাৰে টিফিনৰ সময়ত বটলৰ পৰা পানী খাই থাকোঁতে বটলত প্ৰস্ৰাৱ থকা বুলি অনুমান কৰে। ইয়াৰ পিছত স্কুলবেগটোৰ পৰা ‘আই লাভ ইউ’ বুলি লিখা প্ৰেমপত্ৰ এখনো উলিয়াই আনিলে। দাবী কৰা হৈছে যে বিদ্যালয়খনৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়েহে এই কাম কৰিছে। সোমবাৰে বিদ্যালয় খোলাৰ পিছতে এই সন্দৰ্ভত ছাত্ৰজনৰ পৰিয়ালৰ লোকে বিদ্যালয় কৰ্তৃপক্ষৰ কাষ চাপিছিল। অৱশ্যে তেওঁলোকৰ কথাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ পিছতে লুহাৰীয়া গাঁৱৰ সেই বিদ্যালয়ৰ এজন ছাত্ৰৰ ঘৰত ইটা-শিল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে ভীলৱাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত কয় যে, “তেওঁৰ ঘৰত ইটা নিক্ষেপ কৰা বুলি দাবী কৰা ছাত্ৰজনৰ পৰিয়ালে কোনো লিখিত অভিযোগ দাখিল কৰা নাই।” অৱশ্যে এই সন্দৰ্ভত কোনো অভিযোগ উত্থাপন হ’লে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

You might also like