📌 মন্ত্ৰী-বিধায়কৰ অপেক্ষাত হাতীগড় মিলনপুৰৰ ৰাইজ
নিয়মীয়া বাৰ্তা, ১ আগষ্ট : আধুনিক যুগৰ পাণ্ডৱবৰ্জিত ঢকুৱাখনা সমষ্টিৰ এখন গাঁও। দেশে স্বাধীনতা লাভৰ সুদীৰ্ঘ বছৰে গাঁওখনত নপৰিল উন্নয়নৰ পৰশ। গাঁওখনলৈ যাবলৈ নাই সুচল বাট-পথ। গাঁওখনলৈ যাবলৈ অতিক্ৰম কৰিব লাগে তিনিখনকৈ বাঁহৰ দলং। উন্নয়নশূন্য গাঁওখনলৈ নাহে কোনো দৰা অথবা বৰযাত্ৰী। দেশে স্বাধীনতা লাভৰ ৭৬ বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা এই গাঁওখনৰ নাম হাতীগড় মিলনপুৰ। ঢকুৱাখনা সমষ্টিৰ বৰদৈবাম পঞ্চায়তৰ অন্তৰ্গত হাতীগড় মিলনপুৰ গাঁৱৰ দুৰৱস্থাই উদঙাইছে ঢকুৱাখনা সমষ্টিৰ গ্ৰামাঞ্চলৰ বাট-পথৰ উন্নয়নৰ ফোঁপোলা ছবি ৷ আধুনিকতাই হাতৰ আঙুলিত নচুৱাই থকা এই যুগতো গাঁওখনলৈ যাব নোৱাৰে দুচকীয়া অথবা চাৰিচকীয়া বাহন। চাইকেল অথবা ঠেলাৰে ৰোগীক অনা-নিয়া কৰিবলগীয়া হয় চিকিৎসালয়লৈ। যাতায়াতৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি বোকা-পানী গচকি দুৰ্গম পথেৰে দুৰ্বিষহ যাতায়াত কৰিব লগা হয় গাঁওবাসীয়ে। কি বাৰিষা কি খৰালি, গাঁওবাসীৰ বহি:জগতেৰে যোগাযোগৰ একমাত্ৰ উপায় বাঁহৰ দলং। সম্প্ৰতি তিনিখনকৈ জৰাজীৰ্ণ বাঁহৰ দলঙৰ ওপৰেদি অতি বিপদসংকুলভাৱে যাতায়াত কৰিছে গাঁওখনৰ ৰাইজে। ঢকুৱাখনা-গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথৰ চুতীয়াকাৰীৰ পৰা গাঁওখনলৈ যোৱা একমাত্ৰ পথটোত আছে তিনিখনকৈ বাঁহৰ দলং।পথটোৰ কুমতীয়া নদীৰ লগতে আন দুটা ছিগা অংশত স্থায়ী পকী দলং নথকাত বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সাধাৰণ ৰাইজে। ভগা দলঙেৰে পাৰ হওঁতে দলঙৰ পৰা পৰি বহু লোক আঘাতপ্ৰাপ্তও হৈছে। নিশা হ’লেই পথটোৰে বন্ধ হৈ পৰে যাতায়াত।
স্থানীয় ৰাইজে প্ৰতি বছৰে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলংকেইখন মেৰামতি কৰি লয় যদিও বাৰিষা আহিলেই কুমতীয়া নদীৰ প্ৰবল সোঁতে উটুৱাই নিয়ে বাঁহৰ দলং তিনিখন। স্থানীয় বিধায়ক নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱাক স্থানীয় ৰাইজে গাঁওখনলৈ যোৱা একমাত্ৰ পথটোৰ উন্নয়নৰ বাবে বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বৰ্তমানলৈকে কোনো গুৰুত্ব নিদিয়াত ক্ষোভ উজাৰিছে মিলনপুৰ হাতীগড়বাসীয়ে। ইপিনে, গ্ৰাম্যাঞ্চলৰ সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যৰে ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাই ছেপ্টেম্বৰ মাহত ১৫ দিনৰ বাবে গাঁওলৈ অহাৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে, তাক লৈ উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। এশ এবুৰি সমস্যাৰ বুজ ল’বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে সাংসদ-মন্ত্ৰী-বিধায়কসকলক তেওঁলোকৰ গাঁৱলৈ আমন্ত্ৰণ জনাইছে। মন্ত্ৰী- বিধায়কসকলে এইবাৰ গাঁওখনলৈ আহি সমস্যাৰ বুজ লৈ সমাধানৰ ব্যৱস্থা কৰিব বুলি গাঁওবাসীয়ে আশাৰে বাট চাই আছে।
প্ৰেৰক পুলকজ্যোতি বৰা