নিয়মীয়া বাৰ্তা, ১ আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মুহিয়া, আপৰূপী, কান্দুলীয়া, ৰভী, সোণাপুৰ, টাপাজুলি পাথাৰ, বালিকুৰিকে আদি কৰি বহুকেইখন গাঁৱত দিনে-নিশাই বিছাৰ উপদ্ৰৱে নিদ্ৰা হৰিছে বৃহৎ অঞ্চলৰ ৰাইজৰ। বিগত কেইবাদিন ধৰি এই অঞ্চলৰ প্ৰতিটো ঘৰত কেৱল বিছাৰ সন্ত্ৰাস। ঘৰৰ চোতালৰ পৰা বিছনা, খোৱাপানীৰ দমকল, খাদ্য সকলোতে কেৱল বিছাৰ সন্ত্ৰাস। বিছাৰ সন্ত্ৰাসৰ বাবে ৰাইজে ভালদৰে খাব পৰা নাই খাদ্য সামগ্ৰী, নিশাৰ ভাগত আৰামত শুব পৰা নাই বিছনাত। কি কাৰণত দিনে দিনে এনেদৰে বিছাৰ উপদ্ৰৱ বাঢ়িছে, সেয়া জানিব পৰা নাই যদিও আজি বহুদিন বৰষুণ নোহোৱাৰ ফলত প্ৰচণ্ড গৰমৰ বাবেই বিছাৰ উপদ্ৰৱ বাঢ়িছে বুলি ধাৰণা কৰিছে বহুতেই। ইফালে, বিছাই খেতিয়কসকলৰ মৰাপাটৰ পাত খাই তহিলং কৰাত মৰাপাটৰ উৎপাদন কম হোৱাৰ আশংকাত ভুগিছে কৃষকসকল। এই বৃহৎ অঞ্চলৰ কৃষক সমাজে কৃষি বিভাগক বিছাৰ উপদ্ৰৱ ৰোধ কৰিবলৈ দাবী জনাইছে।
প্ৰেৰক মফিদুল ইছলাম