নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ জিলা গ্ৰন্থাগাৰলৈ নাহিল বাতৰি কাকত

📌 চাৰি মাহে পৰিশোধ কৰা নাই বিল

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : আগষ্ট মাহৰ প্ৰথম দিনটোতে ধুবুৰীৰ জিলা গ্ৰন্থাগাৰলৈ অহা পঢ়ুৱৈয়ে নাপালে আজিৰ কোনো এখন বাতৰি কাকত। দৰাচলতে বিগত কেইবামাহৰ বকেয়া ধন পৰিশোধ নকৰাৰ বাবে আজি গ্ৰন্থাগাৰটোলৈ বাতৰি কাকত প্ৰেৰণ নকৰিলে ধুবুৰীৰ বাতৰি কাকতৰ এজেঞ্চী “সঞ্চয়িতা”ই। “সঞ্চয়িতা” কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, বিগত এপ্ৰিল মাহৰ পৰাই গ্ৰন্থাগাৰ কৰ্তৃপক্ষই পৰিশোধ কৰা নাই বাতৰি কাকতৰ বিল। উল্লেখনীয় যে ইয়াৰ পূৰ্বেও ২০২২ বৰ্ষৰ ১০ এপ্ৰিলৰ পৰা প্ৰায় দুই বছৰৰ বকেয়া বিল পৰিশোধ নকৰা বাবে ধুবুৰীৰ জিলা গ্ৰন্থাগাৰলৈ বাতৰি কাকতৰ যোগান বন্ধ কৰিছিল ”সঞ্চয়িতা”ই। অৱশ্যে কেইবামাহমানৰ বিৰতিৰ পিছত স্থানীয় বাতৰি কাকতৰ এজেঞ্চীটোক দিবলৈ থকা প্ৰায় ৪০ হাজাৰ টকা প্ৰদান কৰাৰ পিছত পুনৰ  নিয়মিতভাৱে বাতৰি কাকত আহি আছিল গ্ৰন্থাগাৰটোলৈ। ইপিনে, গ্ৰন্থাগাৰ কৰ্তৃপক্ষৰ হেমাহি আৰু অৱহেলাৰ বাবেই ধুবুৰীৰ চৰকাৰী এই জিলা গ্ৰন্থাগাৰটোত মাজে সময়ে বাতৰি কাকত নোপোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে একাংশ নিয়মীয়া পঢ়ুৱৈয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like