নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত কোটিটকীয়া চৰকাৰী ভূমি দখলৰ নতুন মোৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কে পি চাৰিআলিৰ সমীপৰ পিয়লি ফুকন ষ্টেডিয়ামৰ সন্মুখৰ কেইবাকোটি টকা মূল্যৰ এক বিশাল চৰকাৰী ভূমি খণ্ড এটা বেদখলী চক্ৰই অতি কৌশলেৰে হস্তগত কৰাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ বিগত ৩১ ডিচেম্বৰৰ নিশা সংঘটিত এক ৰহস্যজনক অগ্নিকাণ্ডৰ সময়ত এটা জুপুৰিসদৃশ বাসগৃহ জ্বলি ছাৰখাৰ হোৱাৰ সম্পূৰ্ণ সাতটা মাহ অতিক্ৰম কৰাৰ পিছত পুনৰ সেই একে স্থানত পকী গৃহ নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱাক লৈয়েই সৃষ্টি হৈছে চাঞ্চল্য ৷ চাৰিওফালে আঁৰ-বেৰ দি চৰকাৰী মূল্যৱান ভূমিত এনেদৰে ৰহস্যজনক অগ্নিকাণ্ডস্থলীত পুনৰ পকী গৃহ নিৰ্মাণৰ চেষ্টা চলোৱাৰ ঘটনাই ৰাইজৰ চকু কপালত তুলিছে ৷ উল্লেখ্য যে  শিৱসাগৰ চহৰখনৰ অন্যতম লোভনীয় আৰু আকৰ্ষণীয় অঞ্চল হৈছে পিয়লি ফুকন ষ্টেডিয়ামৰ সন্মুখৰ ভূমি খণ্ড৷ বৰ্তমানৰ বজাৰ মূল্য প্ৰায় বিশ কোটিতকৈও অধিক টকাৰ মূল্যৰ এই সমুদায় ভূমি চৰকাৰী৷ জিলাখনৰ কেইবাটাও চৰকাৰী বিভাগৰ কাৰ্য্যালয় নিৰ্মাণৰ বাবে আবন্টন দি থোৱা মাটি খিনিত বিগত লকডাউনৰ সময়ত এপ্ৰিলৰ প্ৰথম সপ্তাহত এগৰাকী বিতৰ্কিত শিক্ষকে ৰাজপথ শূন্যতাৰ সুযোগ লৈ তৰ্জাৰ বেৰেৰে নিশাৰ ভিতৰতেই এটা ঘৰ সাজিছিল ৷ ইয়াৰ কেইদিন মানৰ পিছতেই অনুৰূপ ধৰণে আন দুগৰাকী ব্যক্তিয়েও সেই স্থানত বাসগৃহ নিৰ্মাণ আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত চৰকাৰৰ ৰোষৰ পৰা বাচিবলৈ এজন বেদখলকাৰীয়ে উক্ত বেদখলী ভূমিত অৰ্জুন ভূগেশ্বৰ বৰুৱাৰ নামত এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ চলাবলৈ আৰম্ভ কৰে ৷ ইফালে উক্ত যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ কাষত থকা আনজন বেদখলকাৰীৰ বাসগৃহত বিগত ৩১ ডিচেম্বৰৰ নিশা এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনাৰ সুত্ৰপাত ঘটিছিল ৷ নিশা প্ৰায় চাৰে এঘাৰ বজাত সংঘটিত অগ্নিকাণ্ডত জ্বলি ছাই হৈ গৈছিল বেদখলকাৰীৰ তৰ্জাৰ বেৰৰ বাসগৃহটো৷ কিন্তু শেহতীয়াকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সম্পুৰ্ণ আঠটা মাহৰ পিছত উক্ত ভস্মীভূত বাসগৃহটোৰ স্থানত এটা পকী গৃহ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ ঘটনাই ৰাইজৰ চকু কপালত তুলিছে৷ ইতিমধ্যে চাৰিওফালে আঁৰ-বেৰ দি চৰকাৰী ভূমিত যুদ্ধকালীন তৎপৰতাৰে দিনৰ পোহৰত এই নিৰ্মাণ কাৰ্য্য চলাই থকাৰ পিছতো মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ে ভূ-কে নোপোৱাৰ ঘটনাই গভীৰ ৰহস্যৰ সৃষ্টি কৰিছে৷ আনহাতে চহৰৰ মাজমজিয়াক কেইবাটাও চৰকাৰী বিভাগৰ নামত ভূমি আৱন্টন হোৱাৰ পিছতো বেদখলীৰ অতপালীৰ বাবেই ক্ৰমাৎ হ্ৰাস পাই অহা উক্ত চৰকাৰী মূল্যৱান ভূমি খণ্ডত আৰু এগৰাকী ব্যক্তিয়ে চাৰিওফালে কাটা তাঁৰৰ বেৰা-পঁকী খুঁটা পুতি দখল সাব্যস্ত কৰাৰ অভিযোগ উঠিছে ৷ স্মৰ্তব্য যে উক্ত সম্পুৰ্ণৰূপে চৰকাৰী ভূমি খণ্ডত বেআইনীভাৱে বেদখল সাব্যস্ত কৰা বেদখলকাৰী কেইগৰাকীয়ে নিদৰ গৃহত বিদ্যুত সংযোগ লবলৈ সক্ষম হোৱাৰ ঘটনাইয়ো ৰাইজৰ চকু কপালত তুলিছে৷ কিন্তু ইমানৰ পিছতো চহৰৰ মাজমজিয়াত কোটি টকীয়া মূল্যৰ চৰকাৰী ভূমি বেদখল কৰি পকী গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা বেদখলী চক্ৰক অদ্যপৰিমিত দুই কিলোমিটাৰ নিলগত থকা উপায়ুক্তৰ কাৰ্য্যালয়ে নোম এডালো স্পৰ্শ কৰিব নোৱাৰৰ ঘটনা এই মুহূত্বত সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে৷ চহৰৰ মাজমজিয়াত সামান্য হেৰফেৰ হ’লেই বুলডজাৰ লৈ উৎখাতৰ বাবে যোৱা শিৱসাগৰ জিলা প্ৰশাসনৰ চৰকাৰী বুলডজাৰ পিয়লি ফুকন ষ্টেডিয়ামৰ সন্মুখত কিয় অসহায়-স্থৱিৰ সেয়াহে এই মুহূত্বত ডাঙৰ প্ৰশ্ন হিচাবে পৰিগণিত হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like