নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ জয়সাগৰৰ অতি পুৰণি সামাজিক-সাংস্কৃতিক অনুষ্ঠান জয়া যুৱ সংঘই ইতিমধ্যে গৌৰৱোজ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। ১৯৭০ চনতে স্থাপিত সংঘৰ ২০২০ চনতে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছিল যদিও ক’ৰণাৰ বাবে সেই সময়ত অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰা নাছিল। সেয়ে সংঘৰ সোণালী জয়ন্তী বৰ্ষটো বছৰজোৰা কাৰ্য্যসৃচীৰে আয়োজন কৰা উদেশ্যে আজি সংঘৰ কাৰ্যলয়ত অনুষ্ঠিত হয় এখন বৃহত ৰাজহুৱা সভা। সমাজকৰ্মী সুশীল চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জীৱন খনিকৰে। অঞ্চলটোৰ প্ৰায় শতাধিক ৰাইজ উপস্থিত থকা সভাখনত বহুকেইজন গণ্য-মান্য ব্যক্তিয়ে সোণালী জয়ন্তী উদ্যাপন সম্পৰ্কত তেওঁলোকৰ বহুমুলীয়া ব্যক্তব্য আগবঢ়ায়। সভাত প্ৰাক্তন প্ৰধান শিক্ষক প্ৰতাপ চন্দ্ৰ দত্ত, প্ৰাক্তন সম্পাদক প্ৰদীপ বৰুৱা, ড০ পৰমানন্দ ভৰালী, সংঘৰ সভাপতি শান্তনু বৰঠাকুৰ, প্ৰাক্তন উপাধ্যক্ষা মণিকা শইকীয়া, সাংবাদিক মনোজ কুমাৰ গগৈ, প্ৰাক্তন উপাধ্যক্ষ ক্ৰমে ড০ পঞ্চানন বৰঠাকুৰ, ড০ ৰঞ্জন ফুকন, সংঘৰ প্ৰাক্তন সভাপতি ৰাজীৱ ফুকন, গাঁওপ্ৰধান মিণ্টু দত্ত, সদৌ অসম ছাত্ৰ সন্থাৰ সহ: সম্পাদক সমীৰণ ফুকন, সংঘৰ কাৰ্য্যকৰী সভাপতি ৰঞ্জীত দত্ত, প্ৰাক্তন অধ্যাপিকা অজন্তা গগৈ দাস,সমাজকৰ্মী জয়ানন্দ বৰুৱা, কল্যাণ বৰুৱা, বিকাশ হাজৰীকা, জীৱন খনিকৰ, ৰাণু শইকীয়া,অসমীয়া যুৱ মঞ্চ সচিব ৰিদীপ ডেকা আদিয়ে ব্যক্তব্য আগবঢ়াই বিভিন্ন পৰামৰ্শ দিয়ে। সভাত সৰ্বসম্মতিক্ৰমে এখন বৃহৎ উদযাপন সমিতি গঠন কৰা হয়। সভাত ড.পঞ্চানন বৰঠাকুৰক সভাপতি, প্ৰতাপ চন্দ্ৰ দত্তক কাৰ্য্যকৰী সভাপতি, সমীৰণ ফুকন আৰু বিকাশ হাজৰীকাক যুটীয়া সম্পাদক, অৱনী গোস্বামী, অনিল ভূঞাক সহ: সম্পাদক, প্ৰবীণ কোঁৱৰ, ভুৱন চেতিয়াক হিচাপ পৰীক্ষক হিচাপে লৈ আঠখন উপ-সমিতি গঠনেৰে সৈতে এখন বৃহৎ উদযাপন সমিতি গঠন কৰা হয়।
প্ৰেৰক আশ্ৰফুৰ ৰহমান