নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : উদাৰতা বনাম গোড়ামি

পংকজ শর্মা

প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই লাভ জেহাদক ন্যায্যতা দিবলৈ মহাভাৰতৰ প্রসংগ টানি অনা বিষয়টোৱে জুলাইৰ শেষৰটো সপ্তাহত উত্তপ্ত কৰিলে অসমৰ ৰাজনীতি৷ ভগৱান শ্রীকৃষ্ণয়ো লাভ জেহাদ কৰিছিল বুলি বুজাবলৈ গৈ ক্ষমা খুজিবলৈ বাধ্য হ’ল কংগ্রেছ নেতাজন৷ হিন্দু ধর্ম আৰু ভাৰতীয় সনাতনী সংস্কৃতিয়ে সদায় উদাৰতাক আগস্থান দি আহিছে৷ কিন্তু শেহতীয়াভাৱে এক বৃহৎসংখ্যক হিন্দু লোকৰ মাজত এই ধাৰণা দৃঢ় হৈছে যে হিন্দুৰ বাবে উদাৰতাই লাহে লাহে কাল হ’বলৈ ধৰিছে নেকি? এটা কথা অনস্বীকার্য যে কেৱল ভাৰততেই নহয়, সমগ্র বিশ্বত, ফ্রান্সৰ পৰা ছুডানলৈ অসহিষ্ণুতা অবিশ্বাস্য ধৰণে বাঢ়ি আহিছে৷ এই অসহিষ্ণুতাই ইমানদিনে উদাৰতাৰে সকলো দিশ বিবেচনা কৰা কিছুমান কঠিন প্রশ্ন এৰাই আগুৱাই গৈ থকা এক ইতিবাচক পৰম্পৰাৰো অৱসান ঘটাইছে৷ লাহে লাহে সেই পৰিৱেশ আহিব ধৰিছে য’ত তেওঁলোকে যদি কৰে আমিও এৰি নিদিওঁ ধৰণৰ কঠোৰ নীতি সমাজত প্রযোজ্য হ’বলৈ ধৰিছে৷ ভূপেন বৰাৰ প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে যে হজৰত মহম্মদ বা যীশুখ্রীষ্টক লৈ যিদৰে অসংবেদনশীল মন্তব্য কৰিব নালাগে, সেইদৰে হিন্দুৰ দেৱ–দেৱতাক লৈও মন্তব্য কৰিব নালাগে৷ এটা কঠোৰ বাস্তৱ যে হিন্দু পৰম্পৰা, হিন্দু দেৱ–দেৱতাক লৈ যিদৰে মুকলি আলোচনা–সমালোচনা, আনকি তুচ্ছ–তাচ্ছিল্যও হয় সেয়া আন ধর্মত কল্পনাও কৰিব নোৱাৰি৷ ভূপেন বৰাই ভগৱান শ্রীকৃষ্ণক লৈ মন্তব্য কৰাৰ চাৰি মাহ আগতে ইডৰোপৰ ছুইডেনত কোনোবা এজন দুর্বৃত্তই ব্যক্তিগতভাৱে ইছলাম ধর্মৰ পৱিত্র গ্রন্থ কোৰানত অগ্নি সংযোগ কৰিছিল৷ এই ঘটনাৰ লগে লগে মুছলমান দেশসমূহত একপ্রকাৰ ভূমিকম্পৰ সৃষ্টি হৈছিল৷ ছুইডেনৰ ৰাজধানী ষ্টকহমত এজন ব্যক্তিয়ে এখন কোৰান জ্বলোৱা বাবে তুৰস্ক, ছৌদি আৰব, ইৰানৰ দৰে দেশে এক আন্তঃৰাষ্ট্রীয় গুৰুতৰ হিচাপে ইছ্যুটো উত্থাপন কৰিলে৷ এখন কোৰান জ্বলি যোৱা বাবেই ছুইডেন নামৰ দেশখনৰ নাটোত অন্তর্ভুক্তি পিছুৱাই গ’ল৷ মৰক্কোকে ধৰি কেইবাখনো দেশে ছুইডেনৰ ৰাষ্ট্রদূতক তলব কৰিলে৷ তাৰ কিছুবছৰ পূর্বে ফ্রান্সৰ চার্লি হেবডো নামৰ আলোচনী এখনত হজৰত মহম্মদৰ কার্টুন প্রকাশ পাইছিল৷ এই কার্টুন প্রকাশৰ পাছতেহ ফ্রান্সকে ধৰি বিশ্বৰ কেইবাখনো দেশত ভয়ংকৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সেই কার্টুনৰ বাবেই ফ্রান্সৰ বিভিন্ন ঠাহত হিংসাত্মক প্রতিবাদ হৈছিল৷ পিছে ঘটনা ইমানতে শেষ নহ’ল৷ ২০১১, ২০১৫ আৰু ২০২০ চনত তিনিবাৰকৈ আলোচনীখনৰ কার্যালয়ত সন্ত্রাসবাদীৰ আক্রমণ চলিল৷ ২০১৫ চনৰ জানুৱাৰীত চলা আক্রমণত ১১জন সাংবাদিকৰ সৈতে ১৭জনে পেৰিছৰ চার্লি হেবডৰ কার্যালয়ত প্রাণ হেৰুৱাইছিল৷ ছলমান ৰুশ্বডি আৰু চাটানিক ভার্চিচৰো একেই কাহিনী৷ হজৰত মহম্মদক লৈ বিতর্কিত গ্রন্থ লিখাৰ অভিযোগত গ্রন্থ প্রকাশৰ চাৰিটা দশকৰ পাছত ছুৰিকাঘাতৰ মুখামুখি হৈছিল ছলমান ৰুশ্বডি৷ কোনেও কেতিয়াও কোনো ধর্ম, কোনো বিশ্বাস, কাৰো অনুভূতিত আঘাত হানিব নালাগে৷ কিন্তু ধর্ম ৰক্ষা, ধর্মৰ নামত কঠোৰ কিছুমান নিয়মে দেখা গোড়া এক শ্রেণীক সুযোগ দিবলৈ ধৰিছে৷ অসহিষ্ণুতা বাঢ়ি অহা সময়ত এতিয়া ভাৰতৰ দৰে দেশতো ফেপেৰি পতা পৰম্পৰা আৰম্ভ হৈছে যে বেলেগ ধর্ম সুৰক্ষাৰ বাবে যদি ইমান কঠোৰতা আমি হিন্দুবোৰনো কিয় প্রয়োজনাধিক উদাৰ হৈ থাকিম৷ ইমান বছৰে উদাৰ হৈ আমি পালোঁ কি? গোড়ামিয়ে কাৰো ভাল নকৰে৷ গোড়ামিয়ে আফগানিস্তান, পাকিস্তান, ছুডান, নাইজেৰিয়াৰ দৰে দেশত কি দিলে আমি সকলোৱে দেখিছোঁ৷ তাৰ পাছতো ভাৰতত ধর্মৰ নামত ফেপেৰি পাতি ধৰাৰ যি এক ধাৰা আহিছে সেয়া এক এৰাব নোৱাৰা বাস্তৱ৷ ভাৰতৰ বৃহৎসংখ্যক হিন্দু এতিয়াও উদাৰতাৰ পথতে আছে কিন্তু শেহতীয়াকৈ আৰম্ভ হোৱা ধাৰা সমাজৰ বাস্তৱ৷ এতিয়া প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই ভগৱান শ্রীকৃষ্ণক লৈ যি মন্তব্য দিলে সেয়া কোৰান, মহম্মদ বা ইছলামক লৈ ‘দিয়াহেঁতেন’ কি ভয়ংকৰ পৰিস্থিতি হ’লহেঁতেন কল্পনাও কৰিব নোৱাৰি৷ ছুইডেনত কোৰান জ্বলি যোৱা বাবে দেশে দেশে ইছলামধর্মী লোকৰ হৃদয় জ্বলি গৈছে৷ আনকি ভাৰততো ঠায়ে ঠায়ে প্রতিবাদ হৈছে৷ হিন্দু ধর্মত গভীৰভাৱে বিশ্বাস ৰখাসকলে মুকলিকৈ ক’বলৈ ধৰিছে যে গৰু আমাৰ বাবে অতিকৈ পূজনীয়৷ মুকলিকৈ গৰু কাটি ইছলামধর্মী লোকে কিয় ভক্ষণ কৰে বুলি গোড়াপন্থী হিন্দুসকলে শেহতীয়াকৈ ক’বলৈ আৰম্ভ কৰা বিষয়টো অতিকৈ স্পর্শকাতৰ৷ উদাৰপন্থীসকলৰ বাবে কোনে কি খাইছে সেয়া গুৰুত্বপূর্ণ নহয়৷ যদি এখন কোৰান জ্বলি যোৱা বাবে ইমান অনুভূতিত আঘাত লাগে, তেন্তে আমাৰ আৰাধ্য ‘গৰু’ কাটি পেলোৱাত আমাৰো হৃদয় ছাৰখাৰ হয়৷ এনে কথা মুকলিকৈ ক’বলৈ ধৰিছে হিন্দুৰ বৃহৎ অংশই৷ এহ অত্যন্ত সংবেদনশীল বিষয় একেবাৰে নস্যাৎ কৰাৰ উপায় এতিয়া নাই৷ কাৰণ এই অসহিষ্ণুতাৰ সময়ত একপক্ষীয় উদাৰতা আশা কৰি লাভ নাই৷ কিছুদিন আগতে দেখা পালোঁ মহানগৰীৰ এলেন নামৰ শিক্ষানুষ্ঠানৰ প্রথম মহলাত একাংশ ছাত্রই নামাজ পঢ়ি আছে৷ তলত একাংশ ছাত্রই প্রতিবাদৰ দৰে কৰি কৰি জয় শ্রীৰাম ধবনি দি আছে৷ এতিয়া এই ঘটনাত কাক দোষ দিব? পূর্বতে কোনোবাই এনেদৰে নামাজ পঢ়িলেও হ’ব দে বুলি এৰাই চলাৰ পৰম্পৰা আছিল৷ এতিয়া যুক্তি আহিছে শিক্ষানুষ্ঠান, কার্যালয়, পথ বন্ধ কৰি নামাজ কিয় পঢ়িব? এতিয়া ফেপেৰি পাতি ধৰাৰ পৰম্পৰা আহিছে৷ কোনোবাই যদি এনেকৈ নামাজ পঢ়ে আমিও তেনেকৈ জয় শ্রীৰাম ধবনি দিম৷ এতিয়া আপুনি কোন শুদ্ধ, কোন ভুল সহজে ক’ব নোৱাৰে৷ কাৰণ ইয়াত জড়িত আছে ধর্ম, আস্থাৰ উপৰি ক্ষোভ, দমনকাৰী ভাবক অস্বীকাৰ কৰাৰ প্রৱণতা৷ ইমানদিনে আমি এৰাই চলিছিলোঁ শাৰী শাৰী মন্দিৰৰ মাজমজিয়াত ‘জ্ঞানব্যাপী’ৰ দৰে মছজিদ কেনেকৈ আহিল? এতিয়া প্রশ্ন আহিবলৈ ধৰিছে৷ ধর্মৰ এই প্রতিযোগিতাই কাৰো উপকাৰ নকৰে, কিন্তু প্রতিযোগিতা আৰম্ভ হৈছে, বাঢ়িব ধৰিছে, সেয়া কিন্তু সঁচা৷ এই প্রতিযোগিতা যদি শেষ কৰিবলৈ হয় এটা পক্ষই ইটো পক্ষৰ সহানুভূতি সংবেদনশীলতাৰে বুজি পাব লাগিব৷ এটা পক্ষক দোষাৰোপ কৰি আনটো পক্ষক আহ্বানেৰে বান্ধি এই সমস্যাৰ সমাধান হয়৷ ক্রমাৎ পৰিৱর্তন হৈছে সমাজৰ চিন্তা৷ যুগ যুগ ধৰি কি আছিল তাতকৈ ডাঙৰ কথা এতিয়া কি আৰম্ভ হৈছে আৰু তাৰ মোকাবিলা কেনেকৈ কৰা যায়৷ সবাতোকৈ ডাঙৰ কথা উদাৰতা কমি যোৱা আৰু অসহিষ্ণুতা বাঢ়ি অহা এই ব্যৱস্থাৰ সুযোগ লৈছে একাংশ ৰাজনৈতিক দল আৰু নেতাই৷ যদি সমাধান লাগে সকলোৱে সহযোগিতা কৰিব লাগিব৷ গোড়ামিৰ পৰা পাকিস্তান, আফগানিস্তান জন্ম হয়৷ গোড়ামিৰ পৰা দৰিদ্রতা, নিৰক্ষৰতাৰ জন্ম হয়৷ তাৰ বাবেই কোনেও গোড়ামি বঢ়োৱাৰ সুযোগ কাকো দিব নালাগে৷ এলেনৰ দৰে শিক্ষানুষ্ঠানত নামাজ আৰু জয় শ্রীৰাম কেনেকৈ প্রৱেশ কৰিবলৈ পালে সেয়া কিন্তু চিন্তনীয় বিষয়৷ ইতিহাস কোনেও সলাব নোৱাৰে কিন্তু এটা পক্ষই ইটো পক্ষক পাবলগীয়া সন্মান যাচি ইতিহাসৰ ভুলৰ প্রায়শ্চিত্ত আৰু বর্তমান সুন্দৰ কিন্তু ঠিকেই কৰিব পাৰে৷

ফোনঃ ৯৮৬৪৩–৬৪৪১১

You might also like