নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল ঢেকীয়াজুলিৰ অমিয় চাচনী

নিয়মীয়া বাৰ্তা,  ২ আগষ্টঃ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল শোণিতপুৰৰ ঢেকীয়াজুলিৰ যুৱ শিল্পী-গীতিকাৰ অমিয় চাচনী৷ এটি চাঁদৰী ভাষাৰ গীতৰ বাবে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ গীতিকাৰৰ বটাঁ লাভ কৰি ঢেকীয়াজুলিলৈ গৌৰৱ কঢ়িয়াই আনিলে যুৱ শিল্পী-গীতিকাৰ চাচনীয়ে ৷ আন্ত:ৰাষ্ট্ৰীয় ৰিলছ চলচ্চিত্ৰ  মহোৎসৱ আৰু আন্ত:ৰাষ্ট্ৰীয় ৰোচনি চলচ্চিত্ৰ মহোৎসৱত অসমত নিৰ্মাণ হোৱা আঞ্চলিক ভাষা( চাঁদৰী )ভাষাৰ “টেমপাৰ“ শীৰ্ষক বোলছৱিখনৰ এটি জনপ্ৰিয় গীতৰ বাবে অমিয় চাচনীয়ে শ্ৰেষ্ঠ গীতিকাৰৰ সন্মান লভিবলৈ সক্ষম হ’ল৷ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অনুষ্ঠিত  আন্ত:ৰাষ্ট্ৰীয় ৰিলছ চলচ্চিত্ৰ মহোৎসৱ আৰু ৰোচনি চলচ্চিত্ৰ মহোৎসৱত জাহ্নৱী প্ৰডাকচনৰ দ্বাৰা নিৰ্মাণ হোৱা “টেমপাৰ” নামৰ চাঁদৰী ভাষাৰ বোলছবিখনৰ “দিল কেৰ কনামে” গীতটিৰ বাবে যুৱ গীতিকাৰ অমিয় চাচনীয়ে শ্ৰেষ্ঠ গীতিকাৰৰ বটাঁ লাভ কৰিলে৷ গীতটি লিখিছিল চাচনীয়ে৷ ঢেকীয়াজুলিৰ ৰাক্ষসমাৰী গাঁৱৰ বাসিন্দা যুৱ শিল্পী-গীতিকাৰ অমিয় চাচনীলৈ এই সন্মান আগবঢ়োৱাত  উৎফুল্লিত কৰিছে ঢেকীয়াজুলিবাসী৷ উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় ৰিলচ চলচ্চিত্ৰ মহোৎসৱ আৰু আন্ত:ৰাষ্ট্ৰীয় ৰৌচনি চলচ্চিত্ৰ মহোৎসৱত চাঁদৰী ভাষাৰ বোলছৱিৰ এটা গীতৰ বাবে শ্ৰেষ্ঠ গীতিকাৰৰ বটাঁ লাভ কৰা অমিয় চাচনীয়ে ইতিমধ্যে বহুকেইটা অসমীয়া, উড়িয়া, চাঁদৰী ভাষাৰ বোলছৱিৰ গীত লিখাৰ লগতে সুৰ দিছে ৷ চাচনীয়ে আদিবাসী কলাকৃষ্টি চৰ্চা আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে৷ এই বটাঁ লাভৰ পিছত গীতিকাৰ অমিয় চাচনীয়ে সাংবাদিকৰ আগত কয়-মই ইমান ডাঙৰ আশা কৰা নাছিলোঁ যে মই লিখা এটি গীত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত হৈ শ্ৰেষ্ঠতা অৰ্জন কৰিব পাৰে৷মই আজি যথেষ্ট সুখী৷ অনাগত দিনত এইক্ষেত্ৰখনত যথেষ্ট কৰিবলগীয়া আছে বুলি প্ৰকাশ কৰাৰ লগতে চাঁদৰী ভাষাৰ বাবে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই সন্মান লাভ কৰাটো আমাৰ কাৰণে অনাকাংক্ষিত যদিও ই বৰ আশাপ্ৰদ কথা বুলি নিজৰ মত প্ৰকাশ কৰে৷এই গৰাকী যুৱ শিল্পী-গীতিকাৰক তেওঁৰ এই প্ৰাপ্তিৰ বাবে অঞ্চলটোৰ বহু লোকে জনাইছে অলেখ শুভকামনা ৷
প্ৰেৰক সুজিৎ কটকী
You might also like