নিয়মীয়া বাৰ্তা, ১ আগষ্ট : যোৱা ২৯ আৰু ৩০ জুলাইত কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত সপ্তম আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক মুকলি কাৰাটে প্ৰতিযোগিতাত ৰঙিয়া জিলা কাৰাটে সন্থাৰ পৰা ২৮জনীয়া এটা দলে অংশগ্ৰহণ কৰি পদক অৰ্জন কৰিবলৈ সক্ষম হয়। চৌদি আৰব, নেপাল, ভূটান, শ্ৰীলংকা, ছিংগাপুৰ, বাংলাদেশকে আদি কৰি ১২খন দেশৰ ৫,২৯০ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ৰঙিয়া জিলা কাৰাটে সন্থাৰ ১৫ খেলুৱৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত সফলতা লাভ কৰাৰ পিছত বিজয়ী দলটোৰ খেলুৱৈসকল আজি কামৰূপ এক্সপ্ৰেছযোগে ৰঙিয়াত উপস্থিত হয়। ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাৰ পিছত বিজয়ী দলটোক ৰঙিয়া জিলা কাৰাটে সন্থাই উষ্ম আদৰণি জনায়। অসম ৰাজ্যিক কাৰাটে সন্থাৰ যুটীয়া সম্পাদক তথা ৰঙিয়া জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলাম, ৰঙিয়া জিলা কাৰাটে সন্থাৰ জ্যেষ্ঠ উপ সভাপতি নিপন ভূঞা, কোষাধ্যক্ষ দেবব্ৰত শৰ্মা, যুটীয়া সম্পাদক অজন্তা দাস, সহ সম্পাদক দুদুল শালৈকে ধৰি ৰঙিয়াৰ ক্ৰীড়াপ্ৰেমী ৰাইজে বিজয়ী দলটোক গামোচাৰে আদৰণি জনায়। বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনা জনাই ৰাজ্যিক কাৰাটে সন্থাৰ যুটীয়া সম্পাদক মজাহাৰুল ইছলামে কয় যে এই খেলুৱৈসকল অসমৰ গৌৰৱ। ভৱিষ্যতে এইসকল খেলুৱৈয়ে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ নাম উজলাবলৈ সক্ষম হব বুলি তেওঁ আশা প্ৰকাশ কৰে। কলকাতাৰ পৰা বিজয়ী হৈ ওভতা দলটোৰ জান্বি হুছেইন শইকীয়া দুটা, ৰিতুৰাজ ডেকাই দুটা, বিবেক জ্যোতি বৈশ্যই এটা, মাধুৰ্যই দুটা, মাৰ্জিয়া তামান্নাই এটা, কৃশানু দাসে এটা, অনুৰাগ লহকৰে এটা, অংকিতাই এটা, ৰিম্লিয়ে এটা, নয়নজ্যোতি মেচে এটা, সুমনে এটা, দীক্ষাই দুটা আৰু বিদিতে দুটা সোণৰ পদক অৰ্জন কৰে। লগতে চায়েষ্টা তামান্না, ধীৰ কাশ্যপ, হৰ্শিতা আৰু গীতাৰ্থই এটা সোন আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি ৰিহান ওবেদুল্লাই এটা, নৱজ্যোতি মেচে এটা, প্ৰাচুৰ্যই দুটা আৰু কৃতাৰ্থই এটা ৰূপৰ পদক লাভ কৰে। ইফালে জিন্টি ভূঞাই দুটা, মাৰ্চিহা কাঞ্জে এটা, আব্দুল বাচেতে এটা, সুৰজে এটা আৰু নিলভে এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।
প্ৰেৰক ফাৰুক হুছেইন