নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় জুবিন গাৰ্গে আলিংগন কৰিলে মুখ্যমন্ত্ৰীক ?

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হৈ শনিবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আলিংগন কৰে । মুখ্যমন্ত্ৰী গৰাকীক আলিংগন কৰাৰ এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতেই এতিয়া চৰ্চা অব্যাহত আছে সকলোতে ।

‘কা’বিৰোধী আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত জুবিন গাৰ্গে পূৰ্বৰ পৰাই ক্ৰীড়া, চিনেমা , ফিল্মফেয়াৰ , শিল্পকলা এইসমূহ প্ৰতিবাদৰ সমান্তৰালভাৱে চলি যাব বুলি কৈছিল । প্ৰতিবাদ আৰু এইসমূহ সম্পূৰ্ণৰূপে পৃথক বুলি উল্লেখ কৰা জুবিন গাৰ্গৰ এই বিশেষ ফটোখনে এতিয়া খলকনিৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমসমূহত । বিশেষকৈ ফেচবুকৰ টাইমলাইনসমূহত শনিবাৰে নিশাৰ পৰাই ইয়াক লৈ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে আলোচনান কৰা দেখা গৈছে ।

একাংশই কৈছে চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডছ অনুষ্ঠান বৰ্জন কৰিব জুবিন গাৰ্গে । কিয়নো ‘কা’বিৰোধী আন্দোলনখনত জুবিন গাৰ্গে সবল নেতৃত্ব দি জনমত গঠনত সফলো হৈছিল । ইফালে , আন একাংশই এই দৃশ্যটোক ব্যক্তিগত আক্ৰোশ অথবা সংঘাতৰ দৃষ্টিৰে নহয় বুলি উল্লেখ কৰি মানুহ হিচাপে জুবিন গাৰ্গে কাৰোবাক আলিংগন কৰিব পাৰে বুলি কৈছে । জুবিন গাৰ্গৰ কাবিৰোধী স্থিতি আৰু ফিল্মফেয়াৰক লৈ চলি থকা বিতৰ্ক অথবা এই দৃশ্য একে নহয় বুলিও মত প্ৰকাশ কৰিছে বহুজনে ।

You might also like