নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক লৈ মায়াময় হৈ পৰা গুৱাহাটীত ভিৰ কৰিছে বলীউডৰ অগণন চেলিব্ৰেটিয়ে । শনিবাৰে অনুষ্ঠিত হৈ যোৱা বহু চৰ্চিত ফিল্মফেয়াৰৰ পাচতেই দেওবাৰে কামাখ্যাধামত ভিৰ কৰিছে অগণন অভিনেতা-অভিনেত্ৰীয়ে ।
মা কামাখ্যাৰ আশীষ ল’বলৈ পুৱাই কামাখ্য়াত উপস্থিত হয় বিশিষ্ট প্ৰযোজক মুকেশ ভাট আৰু ভূমি পাডেকাৰ । ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত হোৱা এই ফিল্মফেয়াৰেই মা কামাখ্যাৰ কাষলৈ আনিলে বুলিও কয় দুয়োগৰাকীয়ে । অসমৰ পৰিৱেশ, মানুহ আৰু সকলোবোৰেই তেওঁলোকক আকৰ্ষিত কৰাৰ লগতে ভৱিষ্যতে অসমৰ পটভূমিত কোনো চলচ্চিত্ৰ নিৰ্মাণ হ’লে তাত অভিনয় কৰিবলৈ আগ্ৰহী বুলিও উল্লেখ কৰে ভূমি পাডনেকাৰে ।