নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ মোবাইল ফোনৰ ভিন্ন যন্ত্ৰাংশৰে নিৰ্মাণ কৰা অক্ষয় কুমাৰৰ এখন চিত্ৰ গুৱাহাটীৰ যুৱক ৰাহুল পাৰিকে উপহাৰ হিচাপে প্ৰদান কৰে অভিনেতাগৰাকীক । শনিবাৰে ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ বেক ষ্টেজত এইখন বিশেষ ছবি অভিনেতা গৰাকীক প্ৰদান কৰি সুখী অনুভৱ কৰিছে ৰাহুল পাৰিকে ।
এই বিশেষ চিত্ৰখন লৈ যোৱাত অসুবিধা হোৱাৰ বাবে অভিনেতাগৰাকীয়ে ইয়াৰ ফটো তুলি নিয়াৰ লগতে এটা অট’গ্ৰাফৰ জৰিয়তে পুনৰ ৰাহুলক দি যায় ছবিখন । নিজৰ ছবি এনে ৰূপত দেখি ছবিখন কিদৰে নিৰ্মাণ কৰিছিল সেই সম্বন্ধেও অক্ষয় কুমাৰে প্ৰশ্ন কৰে ৰাহুল পাৰিকক ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাহুল পাৰিকে বিৰাট কোহলি অসমলৈ আহোঁতে এনে এখন চিত্ৰ তৈয়াৰ কৰি উপহাৰ দিছিল খেলুৱৈগৰাকীক । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহু ব্যক্তিৰ ছবি এইদৰে মোবাইলৰ যন্ত্ৰাংশৰে তৈয়াৰ কৰি ইতিমধ্যে চৰ্চিত হৈছে ৰাহুল পাৰিক নামৰ এই যুৱকজন ।