নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ বিটিচিত বিপিএফৰ চৰকাৰ গঠন হোৱাৰ লগে লগে চকুত লগা পৰিৱর্তন হৈছে৷ –এই মন্তব্য ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ৷ দেওবাৰে তামুলপুৰ জিলা বিপিএফৰ এখন সাধাৰণ সভাৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা বিপিএফত যোগদানৰ এক সভাত ভাগ লৈ তেওঁ এই মন্তব্য কৰে৷ তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্রাপ্ত সভাপতি আদিত্য সিংহৰ সভাপতিত্বত আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মোছাহাৰীৰ বিশেষ উদ্যোগত অনুষ্ঠিত সভাত তেওঁ পুনৰ কয় যে স্বাধীনতাৰ পিছৰে পৰা এই অঞ্চলত এম এল এ, আনকি মন্ত্রীও আছিল৷ কিন্তু কোনোধৰণৰ উন্নতি হোৱা নাছিল৷ বিটিচিত বিপিএফ চৰকাৰ গঠনৰ পিছত নাগৰিকসকলৰ বিভিন্ন অভাৱ–অভিযোগ দূৰ কৰাৰ কাৰণে চিন্তা কৰি আহিছে৷ বিপিএফ চৰকাৰে পৰিকল্পনাৰ জৰিয়তে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰি আছে৷ বিটিচি গঠনৰ পিছতহে যোগাযোগ ব্যৱস্থা, শিক্ষানুষ্ঠান আদিৰ আমূল উন্নয়ন হোৱা পৰিলক্ষিত হৈছে৷ বিপিএফে জনগণৰ বাবে কিছু কাম কৰিবলৈ সক্ষম হৈছে আৰু অদূৰ ভৱিষ্যতে জনগণৰ সহযোগত আৰু কিছুমান কাম কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ সদৰী কৰে৷ ভাষণত তেওঁ পুনৰ কয় যে পূর্বৰে পৰা প্রত্যাহ্বান লৈ অকলে নির্বাচন খেলি অহা বিপিএফে ১৫ বছৰত যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ মাজতো একতাৰ খাতিৰত আনৰ লগত বুজাপৰা কৰিবলৈ সাজু বুলি উল্লেখ কৰি তেওঁ ইউপিপিএলৰ প্রসংগত ৰাজ্যসভাৰ আসনৰ লগতে পৰিষদীয় নির্বাচনত কিছু আসন বুজাবুজি কৰিবলৈ প্রস্তুত বুলি দোহাৰে৷ ভাষণত তেওঁ কয় যে বিপিএফৰ আসন বৃদ্ধিৰহে চিন্তা, কমাৰ চিন্তা নাই৷ সহস্রাধিক লোকে অংশগ্রহণ কৰা সভাত অংশগ্রহণ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী ৰিহণ দৈমাৰীয়ে কয় যে যি ৰাজনৈতিক শক্তিয়ে নাহক কিয় বিপিএফ দলক কোনেও হৰুৱাব নোৱাৰে৷ চৰকাৰত থকা বিপিএফ দলৰ শক্তি কমাৰ প্রশ্ণই উঠিব নোৱাৰে বৰঞ্চ দিনে দিনে বৃদ্ধিহে হৈছে বুলি তেওঁ মন্তব্য কৰে৷ সেয়ে আত্মবিশ্বাস অটুট ৰাখি কাম কৰি যাবলৈ কর্মীসকলক তেওঁ আহ্বান জনায়৷ তামুলপুৰ সমষ্টিৰ বিধায়ক তথা ক্ষুদ্র উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মোছাহাৰীয়ে সভাখন উদ্বোধন কৰি কর্মীসকলক নিজৰ মনোবল অটুট ৰাখি দলৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়৷ তেওঁ পুনৰ কয় যে বিপিএফ দলৰ সদস্য দিনে দিনে বৃদ্ধিহে হৈছে৷ সেয়ে দলৰ কর্মীসকলক দুগুণ উৎসাহেৰে দলৰ হকে কাম কৰি যাবলৈ কর্মীসকললৈ আহ্বান জনায়৷ সহস্রাধিক লোকে অংশগ্রহণ কৰা আজিৰ সভাতেই অগপৰ তামুলপুৰ জিলা সমিতিৰ প্রাক্তন সভাপতি হেমন্ত তালুকদাৰ, প্রাক্তন উপ সভাপতি লক্ষ্মী পাটোৱাৰীকে ধৰি বিভিন্ন দল–সংগঠনৰ শতাধিক সদস্যই বিপিএফত যোগদান কৰে৷ তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰী, সম্পাদক মণ্টু ডেকাই আঁত ধৰা সভাত বিটিচিৰ কার্যবাহী সদস্য বিজিত গৌৰা নার্জাৰী, এমচিএলএ গণেশ কছাৰী, প্রাক্তন বিধায়ক চণ্ডী বসুমতাৰী, প্রাক্তন এমচিএলএ মদন মোহন মছাহাৰী, প্রাক্তন এমচিএলএ বাসুদেৱ উপাধ্যায়, বিপিএফ নেতা চাহাবুদ্দিন আহমেদ, বিপিএফৰ কেন্দ্রীয় সদস্য ৰবিৰাম ব্রহ্ম, কেন্দ্রীয় যুৱ বিপিএফৰ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি আলাউদ্দিন আহমেদ, বিপিএফ নেত্রী চন্দ্র কলা ব্রহ্মকে ধৰি ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷