নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰৰ বিশাল সমাৱেশত বিটিচি নির্বাচন বর্জনৰ হুংকাৰ অবড়ো সুৰক্ষা সমিতিৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ বি টি এ ডিত বসবাস কৰা অবড়োসকলৰ স্বার্থৰ হকে সমগ্র অসমবাসীয়ে মাত মাতিব লাগিব৷ বি টি আৰ চুক্তিৰ সময়ত অবডো ৰাইজক আস্থাত নল’লে বিজেপি চৰকাৰে৷ বিজেপিয়ে ছল–চাতুৰিৰে শাসন চলাই জনসাধাৰণক বিভ্রান্ত কৰিছে৷ –এই মন্তব্য সদৌ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি বিৰাজ তালুকদাৰৰ৷ বি টি আৰ চুক্তি মতে বি টি এ ডিৰ পৰা অবডো সংখ্যাগৰিষ্ঠ গাঁওসমূহ কর্তন কৰা, প্রস্তাৱিত বি টি আৰ এলেকাত প্রতিটো জনগোষ্ঠীৰ ভূমি, ৰাজনৈতিক, অর্থনৈতিক আৰু ভাষা–সংস্কৃতিৰ অধিকাৰ সুনিশ্চিত কৰা, এন ডি এফ বিৰ সকলো অস্ত্র–শস্ত্র চৰকাৰক জমা দিয়া, বি টি আৰ প্রশাসনিক ব্যৱস্থাত অবড়োসকলৰ জনপ্রতিনিধি নিশ্চিত কৰাৰ দাবীত দেওবাৰে গোৰেশ্বৰ ৰাজহ চক্র অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত গণসমাৱেশত অতিথি হিচাপে অংশগ্রহণ কৰি ভাষণত তালুকদাৰে আৰু কয়– আমি কিমান ভাৰতীয়, তাক প্রমাণ কৰিবলৈ কেন্দ্রীয় চৰকাৰে আমাক সুবিধা দিব লাগিব৷ নিৰীহক হত্যা কৰি আন্দোলন কৰা বন্দুকধাৰীৰ সৈতে আলোচনা কৰি তেওঁলোকক নিৰাপত্তা দি চৰকাৰে কি বতৰা দিব বিচাৰিছে৷ যদি সেয়ে হয়, তেন্তে ৰাজ্যত আৰু বহু জাতি–জনগোষ্ঠী আছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ভাষণত তেওঁ ইয়াকো কয় যে বি টি আৰ চুক্তি মতে পোনপ্রথমে অবড়ো অধ্যুষিত গাঁওসমূহ কর্তন কৰিব লাগিব৷ বিটিচিত বসবাস কৰা অবড়ো ৰাইজৰ সুৰক্ষাৰ বাবে সকলো অসমীয়াই মাত মাতিব লাগিব৷ আৰু ওলাই আহিব লাগিব৷ গোৰেশ্বৰ গড়কাপ্ঢানী পৰিদর্শন বঙলাত অনুষ্ঠিত গণনিনাদত উদ্দেশ্য ব্যাখ্যা কৰে গোৰেশ্বৰ ৰাজহ চক্রৰ অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত ডেকাই৷ উপদেষ্টা অৰবিন্দ ডেকাৰ সভাপতিত্ব অনুষ্ঠিত সভাত অতিথি হিচাপে অংশগ্রহণ কৰি অবডো শুভাকাংক্ষী তথা প্রাক্তন সৈনিক মুছলিম আলীয়ে নিজৰ চমু ভাষণত কয় যে অবডো় ৰাইজৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ খর্ব কৰিবলৈ কোনো কাৰণত অনুমতি দিয়া নহ’ব৷ আমাৰ একাংশই আমাৰ সংগঠনটোক দুটা ভাগত বিভক্ত কৰি বিপথে পৰিচালিত কৰিব বিচাৰিছে৷ আমাৰ শক্তিক কোনোও ৰুধিব নোৱাৰে বুলি উদাত্ত কণ্ঠেৰে কয়৷ কেইবাশ লোকৰ উপস্থিতিত হোৱা সভাত প্রাক্তন আছু নেতা গকুল কলিতাই অংশগ্রহণ কৰি কয়– বি টি আৰ চুক্তিক আমি সন্মান জনাইছেছা৷ কিন্তু চুক্তিত উল্লেখ কৰা দফাবোৰ আখৰে আখৰে পালন কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছেছা৷ গকুল কলিতাই ইয়াকো কয় যে চুক্তি মতে যদিহে বি টি আৰৰ পৰা অবডো গাঁওসমূহ কর্তন নহয় অথবা অবডো় লোকক মাহীআইৰ দৃষ্টিৰে চায়, তেন্তে পুনৰ বি টি আৰত ভয়াৱহ পৰিস্থিতি সৃষ্টি হ’ব৷ আগন্তুক বিটিচি নির্বাচন বর্জনৰো হুংকাৰ দিয়ে অবড়ো সুৰক্ষা সমিতিয়ে৷ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সভাখনত অতিথি হিচাপে অবডো সুৰক্ষা সমিতিৰ কোকৰাঝাৰ সমিতিৰ সভাপতি আকবৰ আলী, উপদেষ্টা কুমুদ ডেকা, কোষাধ্যক্ষ আনচাৰ আলীকে ধৰি কেইবাজনো অতিথিয়ে অংশগ্রহণ কৰি ভাষণ দিয়ে৷

You might also like