পূর্বৰ বছৰবোৰৰ দৰেই দেশত কালিৰে পৰা পুনৰ আৰম্ভ হৈছে পোষণ অভিযান৷ কিন্তু ভাৰতৰ নাৰী আৰু শিশুৰ মাজত আজিও পুষ্টিৰ অভাৱ আৰু ৰক্তহীনতা এক চিন্তাৰ কাৰণ হৈ আছে৷ ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্রকাশ পাইছে যে ভাৰতৰ সকলো ৰাজ্য আনকি কেন্দ্রীয়শাসিত অঞ্চলত আধাতকৈও অধিক অপুষ্টিত ভোগা নাৰী তথা মাতৃসকলে জন্ম দিয়া শিশুও পুষ্টিহীনতাত ভোগে৷ যাৰ ফলত পুষ্টিহীনতাৰ আন্তঃপ্রজন্মৰ চক্রটো স্থায়ী হৈ থাকে৷ ভাৰতত প্রায় ১৮.৯২ নিযুত অপুষ্টিত ভোগা লোক আছে ইয়াৰে অধিকাংশই মহিলা আৰু শিশু৷ মহিলা আৰু শিশুৰ মাজত পুষ্টিহীনতাৰ প্রাদুর্ভাৱ গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ প্রফাইলৰ স্বীকৃতিপ্রাপ্ত উপাদান৷ ভাৰতৰ প্রায় আধাসংখ্যক মহিলা, বিশেষকৈ গর্ভৱতী মহিলাৰ মাজত পুষ্টিহীনতা আৰু ৰক্তহীনতাৰ প্রাদুর্ভাৱে দেশৰ খাদ্য সুৰক্ষাৰ ওপৰত ভয়াৱহ বোজাৰ সৃষ্টি কৰিছে৷ ইয়াৰ মূল কাৰণ হ’ল অপুষ্টিকৰ মাতৃয়ে নৱজাত শিশুক পুষ্টি আৰু ভিটামিনৰ পৰা বঞ্চিত কৰি পুষ্টিহীনতাৰ চক্রটো আৰম্ভ কৰিব পাৰে৷ ক’ভিড–১৯ মহামাৰীয়ে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিলে৷ ক’ভিডৰ পিছতে নিবনুৱা সমস্যা দ্রুতগতিৰে বৃদ্ধি পালে৷ এই মহামাৰীয়ে ভাৰতৰ খাদ্য সুৰক্ষাৰ পৰিৱেশৰ প্রতি ভাবুকি কঢ়িয়াই আনিলে৷ মহামাৰী ত্বৰান্বিত স্বাস্থ্য আৰু খাদ্য সংকটৰ অসমতাপূর্ণ বোজা মহিলা আৰু শিশুৱে বহন কৰিব লগা হ’ল৷কিশোৰী, গর্ভৱতী মহিলা, দুগ্ধপান কৰা মাতৃ আৰু ০–৬ বছৰ বয়সৰ শিশুৰ পুষ্টিৰ অৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে ২০১৮ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বহু অভিলাষী পোষণ অভিযান আৰম্ভ কৰিছিল৷ কিন্তু ক’ভিড–১৯য়ে চৰকাৰীভাৱে পৰিচালিত স্বাস্থ্য আৰু উন্নয়ন কেন্দ্রৰ নেটৱর্কতো যথেষ্ট প্রভাৱ পেলাইছে, যাক জনপ্রিয়ভাৱে ইণ্টিগ্রেটেড চাইল্ড ডেভেলপমেণ্ট ছার্ভিচেছ (আইচিডিএছ) বুলি জনা যায়৷ এই কেন্দ্রসমূহৰ দায়িত্ব আছিল আনসকলৰ লগতে ছয় বছৰৰ তলৰ বিশেষকৈ কম আয়ৰ পৰিয়ালৰ শিশু আৰু মাতৃসকলক পোষণ অভিযানৰ অধীনত অংগনৱাড়ী কর্মচাৰীৰ জৰিয়তে খাদ্য আৰু প্রাথমিক স্বাস্থ্যসেৱা প্রদান কৰা৷ কিন্তু পোষণ অভিযানৰ প্রায় ৫ বছৰ পিছতো ভাৰতৰ অপুষ্টিৰ সমস্যাটো বিশেষ সমাধান হোৱা নাই৷ পাঁচ বছৰৰ তলৰ প্রতি তিনিটা শিশুৰ এটা আৰু মহিলাৰ এক পঞ্চমাংশ পুষ্টিহীনতাত আক্রান্ত৷ প্রসৱৰ পূর্বে যত্ন সেৱা, শিশুৰ প্রতিষেধক, ডায়েৰীয়া ব্যৱস্থাপনাকে ধৰি মাতৃ–শিশুৰ স্বাস্থ্যসেৱাৰ যথেষ্ট ইতিবাচক ব্যৱস্থা থকাৰ পিছতো সমস্যা অপৰিৱর্তিত হৈয়ে আছে৷
পুষ্টিহীনতাৰ বাবে বহু কাৰিকৰী কাৰণৰ লগতে আমাৰ সমাজৰ পুৰণিকলীয়া ৰীতি–নীতিয়েও এই সমস্যা সমাধানৰ পথত হেঙাৰ হৈ আছে৷ আমাৰ সমাজত এনেকুৱা কিছুমান নিয়মত ছোৱালীবোৰক ডাঙৰ কৰা হয় যে ঘৰৰ নাৰীসকলে সদায় ঘৰৰ পুৰুষসকলে খোৱাৰ পিছতহে খাদ্যগ্রহণ কৰে৷ তেতিয়াহে তেওঁলোকক ভাল পত্নী আৰু মাতৃ হিচাপে স্বীকৃতি দিয়া হয়৷ এই কু–সংস্কাৰপূর্ণ চিন্তাধাৰাই মহিলাৰ পুষ্টিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রতো প্রত্যাহ্বানৰ সৃষ্টি কৰে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে আমাৰ দেশত পুষ্টিহীনতাৰ অন্তর্নিহিত কাৰণসমূহ, যেনে– উন্নত অনাময় সেৱা আৰু মহিলা সবলীকৰণৰ সূচকসমূহৰ যথেষ্ট উন্নতি হৈছে, কন্যা শিশুৰ শিক্ষাৰ উন্নত ব্যৱস্থা, পৰিষ্কাৰ ৰন্ধন ইন্ধনৰ সুবিধা, ১৮ বছৰৰ পিছত বিবাহ আৰু ঘৰুৱা হিংসা হ্রাস আদি এই ইতিবাচক ফলাফলসমূহ চৰকাৰী বিভিন্ন আঁচনি, পদক্ষেপৰ দ্বাৰা এক পদ্ধতিগত ৰূপত প্রয়োগ কৰি সফলতাও লাভ কৰা দেখা গৈছে৷ দুর্ভাগ্যজনকভাৱে এই ইতিবাচক পদক্ষেপসমূহৰ পিছতো আমাৰ কোনো মাতৃৰ পুষ্টি নীতি নাই৷ আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যে মধ্যাহ্ণ ভোজন, পোষণ অভিযান, বিনামূলীয়া ৰেচন আদিৰ সুবিধাৰে সকলোৰে বাবে আহাৰৰ ব্যৱস্থা কৰা হয়৷ কিন্তু ক’ৰবাত যেন খাদ্যৰ পুষ্টি আৰু গুণগত মান পর্যাপ্ত নহয়৷ সেয়ে সকলো স্তৰৰ মানুহ সজাগ হোৱা প্রয়োজন৷ জনসচেতনতা সৃষ্টি আৰু পুষ্টি শিক্ষা সমাজত অতি গুৰুত্বপূর্ণ যাতে মহিলাসকলে প্র’টিন, ভিটামিন আৰু খনিজ পদার্থৰে সমৃদ্ধ পুষ্টিকৰ খাদ্যৰ বিষয়ে জ্ঞাত হোৱাৰ লগতে এই আহাৰসমূহৰ সুবিধা লাভ কৰে৷ ভাৰতে ২০৩০ চনৰ ভিতৰত সকলো ধৰণৰ ক্ষুধা আৰু অপুষ্টিৰ অন্ত পেলাবলৈ হ’লে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাটোৱেই প্রথম আৰু গুৰুত্বপূর্ণ পদক্ষেপ৷