🔹 ছাত্ৰ জিৰণি কোঠাত ভাং খাই ধৰা পৰিল ১১ শিক্ষাৰ্থী
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : নামনি অসমৰ ভিতৰতে উচ্চ শিক্ষাৰ ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠান পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এঘাৰগৰাকী ছাত্রই শিক্ষানুষ্ঠানখনৰ ভিতৰতে ভাং খাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বিগত কিছুদিন ধৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ জিৰণি কোঠাৰ লগতে প্ৰস্ৰাৱগাৰকে আদি কৰি বিভিন্ন আওহতীয়া ঠাইত স্নাতক শ্ৰেণীৰ কেইজনমান ছাত্ৰই ভাং খাই অহাৰ পিছত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকলে যোৱা ৩০ আগষ্টত এই দুষ্কার্য হাতে-লোটে ধৰা পেলায় । উক্ত দুষ্কার্যত জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ স্নাতক প্রথম আৰু তৃতীয় ষাণ্মাসিকৰ মুঠ এঘাৰগৰাকী ছাত্রক সেই দিনা আবেলি তেওঁলোকৰ অভিভাৱকসহ শিক্ষানুষ্ঠানখনলৈ মাতি আনি তেওঁলোকৰ অপৰাধ নিশ্চিত কৰে আৰু ততালিকে সিদ্ধান্ত লৈ ছাত্ৰকেইজনক এক সপ্তাহৰ বাবে শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ পিছতে যোৱা ৩১ আগষ্টত বিশ্ববিদ্যালয়ৰ উপাচার্য, শিক্ষক গোট, জ্যেষ্ঠ ছাত্ৰ আৰু ছাত্ৰ একতা সভাই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ উপৰি শিক্ষানুষ্ঠানখনৰ পৰা বাধ্যতামূলক বদলিৰ প্ৰমাণ পত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত ঘটনাৰ পিছতে বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ বাবে ছাত্র-ছাত্রী, শিক্ষক- কৰ্মচাৰীসকলৰ যান-বাহনত লগোৱাৰ বাবে প্ৰৱেশৰ অনুমতি পত্ৰ দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ নিজৰ পৰিচয় পত্ৰ ডিঙিত আঁৰি বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ তথা অইন লোকে প্ৰৱেশদ্বাৰত বিশ্ববিদ্যালয়ত প্ৰৱেশৰ কাৰণ লিখি, স্বাক্ষৰ কৰিহে প্ৰৱেশ কৰিব পাৰিব বুলি জানিব পৰা গৈছে। এই সমগ্ৰ ঘটনাই পাঠশালাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা