🔹 গৃহস্থৰ ঘৰত চুৰিৰ বাবে খাপ পিটি থাকোঁতে আটক পশ্চিমবংগৰ গভাইত চোৰ
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : শিৱসাগৰত অব্যাহত আছে গভাইত চোৰৰ দলৰ সন্ত্ৰাস ৷ শিৱসাগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো চোৰৰ দলে নিয়মিত বাসগৃহ-ব্যৱসায়িক প্ৰতিষ্ঠানত অব্যাহত ৰাখিছে লুটপাত ৷ শেহতীয়াকৈ বিগত কেইটামান দিনত দুখন বাইক, এখন ব্যৱসায়িক প্ৰতিষ্ঠান, দুটা পৰিয়ালৰ লগতে এটা ধৰ্মীয় অনুষ্ঠানত চুৰি কাৰ্য্য সংঘটিত হোৱাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে এইবাৰ চোৰে চাফাই চলালে বৰপুখুৰীৰ পাৰত থকা অসমৰ প্ৰথমগৰাকী শ্বহীদ পিয়লি ফুকনৰ সমাধিস্থলী আৰু সংলগ্ন উদ্যানত ৷ সোঁৱে-বাঁৱে বিশাল আৰক্ষী জোৱানৰ বেৰেক, একেবাৰে কাষতে দুগৰাকীকৈ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাসভৱনৰ উপৰি ২৪ ঘন্টাই দুই শীৰ্ষ বিষয়াৰ হাউছ গাৰ্ড, দেহৰক্ষীয়ে গিজগিজাই থকাৰ সময়তেই সমাধি ক্ষেত্ৰ তথা সংলগ্ন উদ্যানখনৰ সৌন্দৰ্য্যবৰ্ধক আলোকসজ্জাৰ লগতে বিভিন্ন সা- সামগ্ৰী চোৰে লৈ যায় ৷ চহৰখনৰ অন্যতম সুৰক্ষিত বৰপুখুৰীৰ পাৰৰ এই স্থানটোতো চোৰে মৰসাহ কৰি লুটপাত চলাবলৈ সক্ষম হোৱা ঘটনাই সাধাৰণ চহৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইফালে, শিৱসাগৰ চহৰৰ মাজমজিয়াৰ মেলাচকৰ অঞ্চলতো কালি সন্ধিয়াৰ ভাগত সংঘটিত হয় আন এক দু:সাহসিক চুৰিৰ অপচেষ্টাৰ ঘটনা৷ অৱশ্যে সৌভাগ্যবশত: স্থানীয় ৰাইজ আৰু গৰাকীৰ তৎপৰতাত বাসগৃহটোৰ ভিতৰত সোমাই থকা অৱস্থাত পশ্চিমবংগৰ মুৰ্চীদাবাদৰ নিবাসী স্বাৰপ শ্বেখ নামৰ এটা গভাইত চোৰক ৰাইজে হাতে-লোটে আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৷ জানিব পৰা মতে, কালি সন্ধিয়াৰ ভাগত গৰাকীৰ অনুপস্থিতিত ঘৰটোৰ ভিতৰত এজন যুৱকৰ প্ৰৱেশৰ পিছতেই অতি তৎপৰতাৰে এই গভাইত চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দিনৰ ভাগত স্থানীয় কে পি চাৰিআলিৰ এটা যান-বাহন মেৰামতি কাৰখানাত যোগালিৰ কাম কৰা স্বাৰপ শ্বেখে নিশাৰ ভাগত এনেদৰে চৌৰ্য্য বৃত্তিত লিপ্ত হয় ৷ স্মৰ্তব্য যে শিৱসাগৰ চহৰখনৰ নাগৰিকৰ অনুপাতে আৰক্ষী বিষয়া-জোৱানৰ সংখ্যা বহু কম বুলি জানিব পৰা গৈছে ৷ পৰিস্থিতি এনেকুৱা পৰ্য্যায়লৈ গৈছে যে একো একোগৰাকী বিষয়া- কৰ্মচাৰীয়ে ২০ ঘন্টা পৰ্য্যন্ত একেৰাহে কৰ্তব্য সম্পাদন কৰিবলগীয়া হোৱা বাবে বহু পৰিমাণে শাৰীৰিক-মানসিকভাৱেও দুৰ্বল হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সচেতন মহলে শিৱসাগৰ সদৰ আৰক্ষী থানাত আৰক্ষী বিষয়া-জোৱানৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে তাৎক্ষণিকভাৱে উপস্থিত হ’ব পৰাকৈ পূৰ্বৰ অস্ত্ৰধাৰী ৰাইডাৰ স্কোৱাডৰ দলৰ পুনৰ প্ৰচলন কৰাৰ বাবে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান