বিশেষ বাৰ্তা, ২ ছেপ্টেম্বৰ : নগাঁও বিশেষ কাৰাগাৰৰ এজন কয়দীয়ে পলায়ন কৰা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁৱত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । কাৰাগাৰখনৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও বিশেষ কাৰাগাৰত থকা মনোৱাৰ হুছেইন নামৰ কয়দীজনক কালি নিশা অসুস্হতাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই চিকিৎসালয়লৈ নিয়াৰ পথত কয়দীজনে সুযোগ বুজি পলায়ন কৰে । উল্লেখ্য যে এগৰাকী কিশোৰীক নিৰ্যাতনৰ গোচৰত অভিযুক্ত মনোৱাৰ হুছেইন । হোজাই জিলাৰ মোৰাঝাৰ থানাত ৰুজু হৈ থকা ৭৬/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে POCSO আইনৰ অধীনত অভিযুক্ত মনোৱাৰ হুছেইনক চলিত বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল । আনহাতে, পলাতক আচামী মনোৱাৰ হুছেইনক কৰায়ত্ত কৰিবৰ বাবে আৰক্ষীয়ে অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই।
প্ৰেৰক কনক হাজৰিকা