নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত শিক্ষকৰ কু-কৰ্মক লৈ বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

🔹  শাস্তিৰ দাবীত শতাধিকৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ  বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত যোগীঘোপাৰ টিলাপাৰা খেৰপুজী  ছিনিয়ৰ বেছিক স্কুলৰ এজন লম্পট শিক্ষকৰ কৰ্মকাণ্ডক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিদ্যালয়খনৰ লম্পট শিক্ষক বাবৰ আলীয়ে এগৰাকী ছাত্ৰীক সাবটি ধৰাৰ অভিযোগত স্থানীয় ৰাইজে শিক্ষকজনক আটক কৰি  আৰক্ষীক গতাই দিয়ে । প্ৰাপ্ত খবৰ মতে,‌ টিলাপাৰা খেৰপুজী ছিনিয়ৰ বেছিক স্কুলৰ সহকাৰী শিক্ষক বাবৰ আলীয়ে আজি পুৱা বিদ্যালয়ত উপস্থিত হয় । বিদ্যালয়খনত প্ৰাতঃসভা চলি থকা সময়তে লম্পট শিক্ষকজনে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক সাবটি ধৰে । পিছত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পৰা ছুটী লৈ ঘৰলৈ গৈ এই বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে। এই খবৰ  গাঁওখনত বিয়পি পৰাত স্থানীয় ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে। পিছত স্থানীয় ৰাইজে লম্পট শিক্ষকগৰাকীক লপাথপা দি যোগীঘোপা আৰক্ষীক গতাই দিয়ে। লম্পট শিক্ষক বাবৰ আলীৰ এনে কু-কাণ্ডত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। ক্ষোভিত ৰাইজে শিক্ষকজনৰ কঠোৰ শাস্তিৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্লোগান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। অভিযোগ মতে, ইয়াৰ পূৰ্বেও বাবৰ আলীয়ে  ছাত্ৰীৰ গাত হাত দি বৃহৎ পৰিমাণৰ জৰিমনা দি সাৰি গৈছিল । গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষকজনৰ বিৰুদ্ধে শিক্ষা বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস
You might also like