নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰাৰ এদিন পাছত অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ সচিবালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে ।
উল্লেখ্য যে ঐতিহাসিক ৰামলীল মৈয়দানত দেওবাৰে আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী কেজৰিৱালৰ লগতে মনীষ ছিছোদিয়া, সত্যেন্দৰ জৈন, গোপাল ৰাই, কৈলাস গেহলট, ইমৰান হুছেইন আৰু ৰাজেন্দ্ৰ পাল গৌতমক শপত বাক্য পাঠ কৰোৱায় উপ-ৰাজ্যপাল অনিল বেইজালে ।