অৱসাদ বা ক্লান্তিৰ কাৰণ আৰু ইয়াৰ প্রতিকাৰ
ৰূপলেখা দেৱী
একেবাৰে সাধাৰণ অর্থত ক’বলৈ গ’লে অৱসাদ বা ক্লান্তি হ’ল এক দৈহিক চেতনা৷ ই এক বিশেষ মানসিক অনুভূতি আৰু আৱেগকো বুজায়৷ অৱসাদৰ কাৰণ বিভিন্ন হ’ব পাৰে৷ ইয়াত শাৰীৰিক অসুখ–বিসুখ আৰু খেলা–ধূলা, পৰিশ্রম কৰি বা দীঘলীয়াকৈ খোজ কঢ়াৰ ফলত হোৱা স্বাস্থ্যজনিত অৱসাদৰ বিষয়ে নহয়, বৰঞ্চ মানসিক ক্লান্তিৰ বিষয়ে ক’বলৈ লোৱা হৈছে৷ এনেধৰণৰ অৱসাদৰ কোনো প্রকৃত কাৰণ নাই৷ শৰীৰত ক্লান্তিৰ ভাব অনুভূত হ’লে মানুহে কোনো কাম কৰাৰ প্রতি আগ্রহ প্রকাশ নকৰে৷ কেতিয়াবা এখন কিতাপ বা খবৰ কাগজ এখনো যদি পঢ়িবলৈ লয়, তাতো মনোযোগ দিব নোৱাৰা অৱস্থা হয়৷ কাৰোবাৰ লগত কথা–বার্তা পতা, নিমন্ত্রণ আদি ৰক্ষা কৰা বা খেলা–ধূলা আদি কৰাৰ ক্ষেত্রতো কোনো উৎসাহ অনুভৱ নকৰি বৰ ভাগৰুৱা অনুভৱ কৰে৷
এনেধৰণৰ অৱসাদ বা ভাগৰৰ কাৰণ শাৰীৰিক হোৱাতকৈ মনৰ পৰা উদ্ভৱ হোৱাৰ সম্ভাৱনা অধিক৷ যদিহে শাৰীৰিক বিসংগতি বা অসুখৰ পৰা ক্লান্তি অনুভৱ কৰা যায়, তেন্তে নিশ্চয়কৈ চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷ সকলো পৰীক্ষা–নিৰীক্ষাৰ অন্তত যদি চিকিৎসকে কোনো ধৰণৰ শাৰীৰিক বেমাৰ–আজাৰ নোহোৱাটো নিশ্চিত কৰে, তেন্তে বুজিব লাগিব যে এই ভাগৰৰ মূল কাৰণ হ’ল মানুহৰ মানসিক স্থিতি৷
এই অৱসাদৰ ভিন্ন কাৰণৰ ভিতৰত এটা প্রধান কাৰণ হ’ল ভয় বা শংকা৷ কিছুমান এনে অযুক্তিকৰ ভয় আছে, যিয়ে আমাৰ জীৱনত বহুত কু–প্রভাৱ পেলায় আৰু শাৰীৰিক শক্তি খৰচ কৰি জীৱনৰ প্রয়োজনীয়তাখিনিও পূৰণ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰে৷ এই ভয় বা শংকা আঁতৰ কৰাৰ মূল মন্ত্র হ’ল ঋণাত্মক চিন্তা পৰিহাৰ কৰা৷
Stay alive all your life’ নামৰ গ্রন্থখনত ড০ নৰমান ভিনচেণ্ট পিয়েলে লিখিছে– ‘আপুনি যদি সুখী মনোভাবেৰে মনৰ দৃঢ়তা আৰু ধনাত্মক চিন্তাৰে কিবা এটা কাম কৰে, তেন্তে সফল হোৱাটো নিশ্চিত৷’ আমি আটায়ে জানো যে কাম এটা কৰিবলৈ আমাক শক্তিৰ প্রয়োজন৷ কিন্তু জীৱনত অকল যে ভালপোৱা কামটোহে কৰিম আৰু বাকীবোৰ কাম আওকাণ কৰিম, এনে কেতিয়াও হ’ব নোৱাৰে৷ বেয়া পোৱা কামটো কৰিবলৈও আমি মনোযোগ আৰু উৎসাহ বঢ়াবলৈ চেষ্টা কৰিব লাগিব৷ ফলত যেতিয়া ভাল নলগা কামটো জোৰকৈ কৰাৰ পিছত সম্পূর্ণ হৈ উঠে, তেতিয়া অভাৱনীয়ভাৱে মনলৈ এক আনন্দৰ জোৱাৰ নামি আহে৷ সেয়েহে উচ্চ পর্যায়ৰ চিন্তাৰে কাম এটা কৰিলে মনৰ পৰা ভয় ভাব আঁতৰি যাব আৰু মন সতেজ হৈ অৱসাদ ভাব নোহোৱা হ’ব৷
উপযুক্ত পৰিকল্পনাৰ অভাৱে কাম এটা সম্পূর্ণ কৰাত যথেষ্ট আহুকালত পেলাব পাৰে আৰু কামটো কম বা সৰু হ’লেও বহুত বেছি যেন অনুভৱ হয়৷ ফলত আমি ভাগৰুৱা অনুভৱ কৰোঁ৷ সেয়েহে কাম এটা কৰিবলৈ হাতত ল’লে কামটো কিমান সময়ৰ ভিতৰত আৰু কেনেকৈ সম্পূর্ণ কৰিব, সেই বিষয়ে পৰিকল্পনা কৰি ল’ব লাগে৷ তেতিয়া ভাগৰ অনুভৱ নোহোৱাকৈ সুন্দৰভাৱে কামটো কৰিব পৰা যাব৷
ভাগৰৰ আন এটা কাৰণ হ’ল খং৷ সকলো সময়তে মনত খং ভাব এটা কঢ়িয়াই লৈ ফুৰিলে কঠিন বা সহজ যিকোনো কাম কৰোঁতে যথেষ্ট শক্তি খৰচ হয় আৰু মানুহে তেতিয়া বৰ ভাগৰ অনুভৱ কৰে৷
আমাৰ আশে–পাশে থকা আৰু আমি লগ পোৱা সকলো মানুহৰ স্বভাৱ বা মতি–গতি আমাৰ ভাল নালাগিব পাৰে, তথাপি এনেধৰণৰ লোকসকলকো ভাল পোৱাৰ আশা এটা মনত ৰাখিব লাগে৷ যদিও কেতিয়াবা মানুহ চিনাত বৰ অসুবিধা হয়, তথাপি আমি তেনে মানুহৰ ভালৰ হকেই চিন্তা কৰিব লাগে৷ সদায় উদাৰ ভাব, দয়া আৰু মানুহৰ ভালৰ হকে কাম কৰিলে মনৰ পৰা খং ভাব কমি যাব আৰু বিৰূপ ভাব নাইকিয়া হৈ অৱসাদ বা ক্লান্তি আঁতৰি যাব৷
ব্যস্ততা ভৰা জীৱনত পুৱা শোৱাপাটী এৰাৰ পৰা ৰাতি দোভাগলৈ আমি কেৱল কামেই কৰি থাকোঁ আৰু জিৰণি ল’বলৈ আহৰিয়ে নাপাওঁ৷ দিনটোত যদি কমেও আমি দহ মিনিটকৈও অৱসাদ দূৰ কৰা ব্যায়াম আদি কৰোঁ, তেন্তে আশাতীতভাৱে সুফল লাভ কৰিবলৈ সক্ষম হ’ম৷ খৰধৰকৈ কাম কৰাৰ ফলত সকলো মানুহেই অকল শাৰীৰিক শ্রমেই নহয়, মনৰ মাজত এক উত্তেজনাও কঢ়িয়াই লৈ ফুৰে৷ উদাহৰণস্বৰূপে ক’ৰবালৈ যাবলগীয়া থাকিলে দেৰি হ’ব নেকি, সময় মতে গৈ নাপাব নেকি বা আকাংক্ষিত লক্ষ্যত উপনীত হ’ব নে নহয় আদি৷ এইবোৰে আমাৰ যথেষ্ট শক্তিৰ অপচয় কৰি মনলৈ অৱসাদ নমাই আনে৷ সেয়েহে কামৰ ফাঁকে ফাঁকে জিৰণিৰ বৰ দৰকাৰ৷
একেধৰণৰ বা পুৰণি একঘেয়ামি কামো অৱসাদৰ এক কাৰণ হ’ব পাৰে৷ আমাক সদায় নহ’লেও মাজে সময়ে কিছু নতুনত্বৰ প্রয়োজন৷ ব্যস্ততাপূর্ণ কামৰ মাজে মাজে দৈনিক খবৰ কাকত এখন বা ভাল কিতাপ এখন পঢ়িব লাগে৷ তদুপৰি মাজে মাজে টিভি চোৱা, ভাল গান এটা শুনিও মনৰ ক্লান্তি দূৰ কৰিব পাৰে৷ কেতিয়াবা পৰিয়াল সহিতে ওলাই গৈ চিনেমা, নাটক আদি চোৱা বা লগে–ভাগে গৈ হোটেল–ৰেষ্টুৰেণ্টত ভাত এসাঁজ খাব লাগে৷ কেতিয়াবা আকৌ পুৰণি লগ–বন্ধুৰ লগতো এটা দিন পাৰ কৰিলে মনলৈ ভালেখিনি সতেজ ভাব আহি যায়৷ মাজে মাজে ল’ৰা–ছোৱালীৰ দীঘলীয়া বন্ধ আৰু অফিচৰ বন্ধ আদি মিলাই পৰিয়ালসহ দূৰ–দূৰণিলৈ কেইটামান দিনৰ বাবে ভ্রমণলৈ যাব পাৰে৷ এইবোৰে পিছত কামত যথেষ্ট উৎসাহ যোগাই নতুনকৈ কাম কৰাৰ প্রতি আগ্রহ বঢ়াই তোলে৷ এইটো সত্য যে ভিন্নতাই মানুহৰ জীৱনটো সুন্দৰ আৰু সতেজ কৰি তোলে৷
আধুনিক প্রযুক্তিগত সামগ্রী যেনে ম’বাইল, কম্পিউটাৰ আদি ব্যৱহাৰৰ ক্ষেত্রত প্রয়োজনাধিক সময় খৰচ কৰিব নালাগে৷ ৰাতি এপৰলৈ এইবোৰৰ লগত ব্যস্ত হৈ থাকিলে পিছদিনাখন মনত এনেই ক্লান্তিৰ ভাব অনুভূত হ’বই৷ গতিকে পাৰা পৰিশ্রম এইবোৰ এৰাই চলাই মংগল৷
সদায় নিয়মিতভাৱে ৰুটিন এখন বনাই লৈ কাম কৰা উচিত, তেতিয়া কোনো কাম কৰাত আউল নলগাৰ উপৰি ভাগৰ ভাব অনুভৱ নহ’ব৷
অত্যধিক মচলাযুক্ত আহাৰ আৰু অতিভোজনে বেমাৰ–আজাৰ কৰাৰ উপৰি ভৰা পেটে অৱসাদৰ ভাব আনি দিয়া দেখা যায়৷ সেয়েহে এনে আহাৰ পৰিহাৰ কৰি সদায় সুষম আহাৰ খোৱা দৰকাৰ৷
শেষত এইটো মনত ৰখা উচিত যে শাৰীৰিক অৱসাদ বা ক্লান্তি শাৰীৰতকৈ মনতহে বেছি থাকে৷