নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত তিনিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; দলঙৰ তলত পৰিল ট্ৰাক

নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ সোমবাৰে তেজপুৰৰ ডিপোটা দলঙৰ ওপৰত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা। বিপৰীতমুখী ট্ৰাক আৰু ইয়ন গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ইয়নখনৰ চালক । ইফালে এই দুৰ্ঘটনাত ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত বাগৰি পৰে । দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখনৰ চালক, হেণ্ডিমেন ঘটনাস্থলিৰ পৰা পলায়ন কৰে ।

আনহাতে মৰিগাঁৱৰ ভূৰাগাঁৱতো আজি পুৱাই সংঘটিত হয় আন এক পথ দুৰ্ঘটনা । পথৰ পৰা বাগৰি তিনি লুটি খাই পথাৰত পৰিল যাত্ৰীবাহী মেক্সিম’ । কথমপি প্ৰাণ ৰক্ষা পৰি চালকসহ পাঁচ জন লোকৰ ।

ইয়াৰোপৰি ৰাতিপুৱাই দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল আন এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শ্বিলঙৰ পৰা তুৰা অভিমুখে গৈ থকা ছুইফ্ট ডিজেয়াৰ বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্ট এটাত খুন্দা মাৰি পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে ৷ জানিব পৰা মতে একেটা পৰিয়ালৰে চাৰিজন সদস্যই তুৰালৈ বুলি গৈ থকাৰ সময়তে ঘণ কুঁৱলীৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অনুমান কৰা হৈছে ৷ আহত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ – ML 05S 1133 ৷

You might also like