নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেতিয়াকৈ সম্পূৰ্ণ হ’ব কৃষক বন্ধুৰ সমাধিক্ষেত্ৰ ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ কৃষক বন্ধু সোণেশ্বৰ বৰাক আপোনাৰ নিশ্চয় মনত আছে । দহ বছৰ পূৰ্বে ইহলীলা সম্বৰণ কৰা এইগৰাকী কৃষক নেতা তথা প্ৰাক্তন মন্ত্ৰী সোণেশ্বৰ বৰাৰ সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ কাম অৱশ্যে আজিলৈকে সম্পূৰ্ণ নহ’ল । মৃত্যুৰ পাঁচবছৰ পাছত গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই দায়িত্ব লৈছিল সোণেশ্বৰ বৰাৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ । কিন্তু ৫০ শতাংশ কাম সম্পূৰ্ণ কৰিয়েই আধৰুৱাকৈ পেলাই থোৱাত এতিয়া চকুলো টুকিছে সোণেশ্বৰ বৰাৰ পত্নী ৰত্নেশ্বৰী বৰাই ।

অসমত চাহ খেতিৰ স্ৰষ্টা কৃষক বন্ধু সোণেশ্বৰ বৰাৰ মৃত্যুৰ দহ বছৰ সম্পূৰ্ণ হ’ল । স্বামীৰ সমাধিক্ষেত্ৰ নিৰ্মাণক লৈ হেতালি খেলাৰ বাবে এতিয়া চকুলো টুকিছে এইগৰাকী ৰত্নেশ্বৰী বৰাই । মৃত্যুৰ পূৰ্বে স্বামীৰ সমাধিক্ষেত্ৰ চাই যোৱাৰ প্ৰৱল ইচ্ছা ৰত্নেশ্বৰী বৰাৰ । পাঁচবছৰ পূৰ্বে নিৰ্মাণৰ দায়িত্ব লোৱা গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মাত্ৰ ৫০ শতাংশ কাম সম্পূৰ্ণ কৰাত এতিয়া আশাহত হৈছে কৃষক বন্ধুৰ পৰিয়ালবৰ্গ । যদি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সমাধিক্ষেত্ৰ নিৰ্মাণ কৰিব নোৱাৰে তেন্তে পৰিয়ালে নিজেই নিৰ্মাণ কৰিব বুলিও উল্লেখ কৰে পত্নী ৰত্নেশ্বৰী বৰাই ।

ইফালে, অৰ্থৰ অভাৱৰ বাবে দীৰ্ঘদিনে সমাধিক্ষেত্ৰৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই চলিত বৰ্ষৰ শেষৰফালে সমাধিক্ষেত্ৰ সম্পূৰ্ণ কৰিব বুলি উল্লেখ কৰে ।

You might also like