চিনেমা মূলতঃ বিনোদনৰ সামগ্রী হ’লেও সকলো ধৰণৰ চিনেমাৰ মাজতেই একো একোটা সময়ৰ একোখন সমাজৰ বহুমাত্রিক ছবি একোখন পোৱা যায়৷ সাহিত্যই সমাজৰ ছবি যিধৰণে সংৰক্ষণ কৰে, চিনেমাত সেই সংৰক্ষণ হয় তথ্যচিত্রৰ লেখীয়াকৈ৷ কলা আৰু বাণিজ্যৰ অর্থহীন ভাগ বিভাজন নকৰাকৈ কেৱল চিনেমা হিচাপে গণ্য কৰি সকলো চিনেমাকেই সংৰক্ষণ কৰিব লাগে৷ অকল সাংস্কৃতিক কাৰণতেই নহয়, ইতিহাসৰ সংৰক্ষণৰ দৃষ্টিকোণৰ পৰা চলচ্চিত্র ঐতিহ্যৰ আর্কাহভ এক গুৰুত্বপূর্ণ বিদ্যায়তনিক প্রচেষ্টা৷ বিগত শতিকাত চলচ্চিত্রৰ মাধ্যমটোৰ হোৱা বিকাশ আমাৰ বিশ্বব্যাপী সাংস্কৃতিক ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ চিনেমাবোৰে তাৰ সময়ৰ সমাজ, কলাত্মক আৰু প্রযুক্তিগত বিকাশক প্রতিফলিত কৰিছে৷ কিন্তু কিছুদিনৰ আগলৈকে চিনেমা নির্মাণ আৰু তাৰ চূডান্ত চেহেৰাত ব্যৱহাৰ হোৱা মূল কেঁচামাল অর্থাৎ চেলুলয়ডৰ সীমিত আয়ুসে চিনেমাৰ সংৰক্ষণত যথেষ্ট প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল৷ শেহতীয়াভাৱে চিনেমাই চেলুলয়ড এৰি ডিজিটেল জগতত প্রবেশ কৰাৰ লগে লগে সংৰক্ষণৰ কষ্ট ভালেখিনি কমি আহিল৷ তথাপিতো ভাৰতত চিনেমাৰ সংৰক্ষণে পাবলগীয়া গুৰুত্ব পোৱা নাই৷ এটা সময়ত পুনেত থকা ৰাষ্ট্রীয় ফিল্ম আর্কাইভে সংৰক্ষণৰ ক্ষেত্রত ভালেখিনি কাম কৰিছিল, কিন্তু এটা সময়ত সি স্থবিৰ হৈ পৰিল৷ অসমত কেইবছৰমান আগতে এটা আর্কাইভ স্থাপন কৰা হৈছিল, কিছু সম্পদ সংগ্রহ কৰা হৈছিল, কিন্তু তাৰ পাছত সেই আর্কাইভ গুদামৰ দৰে পৰি ৰ’ল৷ আর্কাইভ এটাৰ প্রয়োজন আৰু তাৰ মূল্য বুজিবলৈ মানুহ শিক্ষিত আৰু সংবেদনশীল হ’ব লাগিব৷ অসম চৰকাৰে স্থাপন কৰা অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমে পৰিচালনা কৰা এই আর্কাইভ অসমৰ সাংস্কৃতিক জগতখনত এটা গুৰুত্বপূর্ণ সংযোজন আছিল৷ ববিতা শর্মা এই নিগমৰ অধ্যক্ষ থকালৈকে এই আর্কাইভটোৰ বিকাশ ঘটি আছিল৷ অসমীয়া চিনেমাৰ অভিনেতা–পৰিচালক যতীন বৰা এই নিগমৰ অধ্যক্ষ হোৱাৰ পাছতেই আর্কাইভৰ বিকাশৰ গতি স্থবিৰ হৈ পৰিছিল৷ অৱশ্যে চিনেমাৰ লগত জডিত হ’ল বুলিয়েই এজন মানুহ চিনেমাৰ সংৰক্ষণৰ দৰে কথাৰ প্রতি সংবেদশীল নহ’বও পাৰে৷
চলচ্চিত্র হৈছে এক অতি আধুনিক প্রযুক্তিনির্ভৰ কলা আৰু বহু ছবিয়ে কলা আৰু বাণিজ্যৰ কৃতিত্বৰ শিখৰক প্রতিনিধিত্ব কৰে৷ চলচ্চিত্র নির্মাতাসকলৰ সৃষ্টিশীলতা, ডদ্ভাৱনী শক্তি, কাহিনী কোৱাৰ দক্ষতা প্রদর্শন হোৱা এই সৃষ্টিবোৰ আর্কাহভ কৰিলে ভৱিষ্যৎ প্রজন্মহ চিনেমাৰ কৌশল আৰু নান্দনিকতাৰ বিৱর্তনৰ বিষয়ে অধ্যয়ন কৰিব পাৰিব৷ চলচ্চিত্র নির্মাণৰ কৌশল, সাংস্কৃতিক ধাৰা, সমাজৰ পৰিৱর্তনকে ধৰি চলচ্চিত্র হতিহাসৰ বিভিন্ন দিশ অধ্যয়নৰ বাবে আর্কাইভবোৰে প্রয়োজনীয় সামগ্রীৰ এক বিশাল ভঁৰাল যোগান ধৰে৷ ডিজিটেল প্রযুক্তি অহাৰ আগলৈকে চিনেমা নির্মাণ কৰা হৈছিল ফিল্মত–সময়ৰ লগে লগে সেই ফিল্মৰ জীৱনী শক্তি কমি আহে, ফিল্ম ৰিলৰ অৱক্ষয় ঘটে, চেলুলয়ডৰ অৱক্ষয় ঘটে আৰু চুম্বকীয় টেপে নিজৰ তথ্য হেৰুৱাহ পেলায়৷ সঠিক আর্কাহভ প্রচেষ্টা অবিহনে বহু ছবি চিৰদিনৰ বাবে হেৰাহ যোৱাৰ আশংকা থাকে৷ ঐতিহ্য হেৰাই যাবলৈ দিয়াটো এটা সভ্য জাতিৰ লক্ষণ হ’ব নোৱাৰে৷ চিনেমাক যেতিয়ালৈকে সাধাৰণ বিনোদনৰ আহিলা বুলি ভবা মানসিকতাৰ পৰিৱর্তন নহয়, তেতিয়ালৈকে আর্কাইভৰ গুৰুত্ব প্রতিষ্ঠা কৰা কঠিন৷ চলচ্চিত্র আর্কাহভ পুুৰণি সামগ্রী ৰখা গুদাম নহয়৷ ই হৈছে এটা জীৱন্ত প্রতিষ্ঠান, যিয়ে সমাজ আৰু জীৱনৰ খণ্ডিত চিত্র পুনৰাৱিষ্কাৰৰ বাবে আগবঢ়াই দিয়ে৷ হ আমাক অতীতৰ পৰা শিকিবলৈ, আমাৰ বৈচিত্র্যক ডদ্যাপন কৰিবলৈ আৰু ভৱিষ্যৎ প্রজন্মৰ চলচ্চিত্র নির্মাতা আৰু দর্শকক অনুপ্রাণিত কৰিবলৈ অনুমতি দিয়ে৷ হয়াৰ অবিহনে আমি আমাৰ বিশ্বজনীন পৰিচয়ৰ এক ডল্লেখযোগ্য অংশ আৰু যুগ যুগ ধৰি প্রবহমান হৈ থকা চিনেমাৰ সৌন্দর্য আৰু শক্তিৰ প্রশংসা কৰাৰ সুযোগ হেৰুৱাবলগীয়া হোৱাৰ আশংকা থাকে৷ অসম চৰকাৰে উপযুক্ত বিষয়া–পৰামর্শদাত আদিৰ সহায়ত অসমৰ একমাত্র ফিল্ম আর্কাইভটোক জীৱন্ত কৰি ৰখাৰ কাম হাতত ল’ব পাৰে৷