নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ “মাছলে গৈছিলোং এজনীও নেপালোং ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোং” শীৰ্ষক গীতটিৰ কলিৰে আজি টিপলাইৰ পথাৰত মাছ মাৰিবলৈ আহি কোনো মাছমৰীয়াই ঘৰলৈ গৈ নিমখ ভাত খাৱলগা নহয়। কাৰণ মাছমাৰিবলৈ হিলদল ভাঙি ওলাই আহা শ-শ পুৰুষ মহিলা মাছমৰীয়াই বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰে খালৈ ভৰাই মাছ মাৰা পৰিলক্ষিত হৈছে। মাছেৰে উভয়নদী হৈ পৰা টিপলাইৰ পথাৰত যোৱা কেবা দিনৰ পৰাই মাছ মাৰি পৰিয়ালৰ আটায়ে মিলি উদৰ পুৰাই এসাঁজ খোৱাৰ লগতে বিধে বিধে মাছ জুইত শুকোৱাই পিছত খোৱাৰ বাবে সংৰক্ষণ কৰাৰ লগতে জনজাতীয় লোক সকলে মাছ সংৰক্ষণ ৰ অন্যতম প্ৰনালী ‘সিন্দল’ বনোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে । জিলা খনৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ টিপলাই অঞ্চলৰ ঐতিহাসিক নায়টাৰা চৌটাৰা বিলৰ সমীপৰ লগতে, গাৰোসিঁছা, বৰডোবা,বাহঁপুতা, বৰদোলা, সৰদোলা, ৰাজঘাট, দণ্ডোৱাৰ জলাশয়ত বানপানী শুকোৱাৰ লগে লগে বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰে উভয়নদী হৈ পৰে । যাৰ বাবে প্ৰতি বছৰে মাছ মাৰিবলৈ জিলাখনৰ দুধনৈ, আমজোঙ্গা, কাচাদল, দোসীমা, দৰংগিৰি, ৰংজুলি,ধনুভাঙা , বুৰাবুঢ়ী, আমবাৰী, গাৰোপাৰা, কোঠাকুঠি, সাৰাপাৰা, পাটপাৰা, শালপাৰা, ঘাগ্ৰা-মোৱামাৰী, কাহিবাৰী,চিতলমাৰী বনগাঁও, খেলেপাৰা, কুহিয়াৰবাৰী, দিঘলীবড়ী , কামৰূপ গ্ৰাম্য জিলাৰ নায়টাৰা, কৈলানপুৰ, বিদ্যানগৰ, অঞ্চলৰ পৰা হাজাৰ হাজাৰ পুৰুষ মহিলা মাছমৰীয়াই জলাশয় সমুহত মাছ মাৰিবলৈ অহে । প্ৰতিজন মাছ মৰিয়াই পুঠি, খলিহনা, শিঙি, মাগুৰ, গৰৈ, কাৱৈ, শিঙৰা, গেদগেদী, শোল, শাল, দৰিকণা, বৰালী, কাণ্ডুলী আদি কৰি বিভিন্ন প্ৰজাতিৰ ঠলুৱা মাছ বিভিন্ন মাছ ধৰা আহিলাৰে ধৰে। একে সময়তে জলাশয় সমূহত সমাগত হোৱা তথা বিভিন্ন মাছ মৰা আহিলা লৈ পুৰুষ মহিলাই মাছ মাৰিবলৈ লোৱা নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈও বহু সংখ্যক স্থানীয় লোক জলাশয়ৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । উৎকৎ গৰমকো নেওচি আনন্দ উল্লাসৰে মাছ ধৰি আপোন পাহৰা হৈ পৰা শ-শ মাছমৰীয়া সকলে মাছ ধৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ মাছ ধৰা গীত গাই গাই আনন্দত আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে । দুৰণীৰ বতিয়া সকলে বিভিন্ন প্ৰকাৰ গাড়ী মটৰ লৈ মাছ মাৰিবলৈ অহাত সমগ্ৰ অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। একাংশ মাছমৰীয়াই সংবাদ মাধ্যমক জানিবলৈ দি কয় যে বানপানী শুকোৱাৰ পিছত প্ৰতিবছৰে টিপলাইৰ বিভিন্ন জলাশয়ত মাছ মাৰিবলৈ অহাটো এক নিত্য নৈমিত্তিক ঘটনা।পূৰ্বৰে পৰা টিপলাই অঞ্চলটো মাছৰ বাবে বিখ্যাত। জিলাখনৰ ঐতিহাসিক নায়টাৰা চৌটাৰা বিলৰ পৰা বানপানীৰ সময়ত চৌদিশে সিচৰিত হৈ পৰা বিভিন্ন প্ৰজাতিৰ মাছ বানপানী শুকোৱাৰ পিছত উভয়নদী হৈ পৰে। যাৰ বাবে টিপলাইলৈ মাছ মাৰিবলৈ আহি খালি হাতেৰে কেতিয়াও ঘুৰি যাব লগা নহয় কোনো মাছমৰীয়া।মীন বিভাগৰ অকৰ্মণ্যৰ বাবে সম্প্ৰতি বিভিন্ন প্ৰকাৰৰ ঠলুৱা মাছ বিলুপ্তিৰ পথত, সেহেয়ে টিপলাইলৈ মাছ মাৰিবলৈ আহিলে বিভিন্ন প্ৰকাৰ ঠলুৱা মাছবোৰ পোৱা যায় আৰু মাছবোৰ লৰা ছোৱালী বোৰক চা- চিনাকি কৰি দিয়াৰ লগতে এই সমুহ মাছৰ সোৱাদো একক আৰু অনন্য । সাম্প্ৰতিক সময়ত যান্ত্ৰিকতাৰ যুগত সকলোৱে ব্যস্ততাৰ মাজতো মুকলি পথাৰত মাছ মৰাৰ আনন্দই সুকীয়া বুলি অভিহিত কৰে একাংশ মাছমৰীয়াই ।
প্ৰেৰক জ্যোতিষ নাথ