নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশান্ত বিশ্ব শৰ্মাৰ ওপজা দিনত গুৱাহাটীত স্মাৰক বক্তৃতা

উপস্থিত প্ৰাইড ইষ্টৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰ : “জাতীয় আদৰ্শ শিক্ষা সংসদ”ৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত ‘কবিতাৰ দিন উদযাপন’ আৰু মননশীল কবি প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ ৫৩সংখ্যক ওপজা দিন উপলক্ষে “স্মাৰক বক্তৃতা অনুষ্ঠান” এটি আজি গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হৈ যায়। প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ পৌৰোহিত্যত অনুষ্ঠিত স্মাৰক বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড০ সূৰ্য্যকান্ত হাজৰিকাই প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ মৃত্যু হোৱা নাই, তেখেতৰ মননশীল কবিতাৰ মাজেৰে আমাৰ মাজত জীয়াই আছে বুলি কয়। প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মা এগৰাকী প্ৰচাৰবিমুখ মননশীল কবি আছিল। আজি তেখেতৰ নামত তেখেতৰ পৰিয়ালে অসম সাহিত্য সভাত এটি ভৱন নিৰ্মাণ কৰি তেখেতৰ সাহিত্য চৰ্চা কৰি তেখেতক জীয়াই ৰাখিছে। স্মাৰক বক্তৃতা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা, শিক্ষাবিদ ড০ ননীগোপাল মহন্তই প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ এটি কবিতা পাঠ কৰি তেখেতৰ জীৱন কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰে। স্মাৰক বক্তৃতা অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতাই প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বক্তৃতা প্ৰদান কৰে। এটি বৰগীতেৰে আৰম্ভ কৰা আৰু জাতীয় আদৰ্শ শিক্ষা সংসদৰ সচিব ৰাণা বশিষ্ঠই আঁত ধৰা স্মাৰক বক্তৃতা অনুষ্ঠানটিত ‘কবিতাৰ দিন উদযাপন’ উপলক্ষে প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ কবিতা পাঠ কৰে আৰক্ষী বিষয়া ড০ পাৰ্থসাৰথি মহন্ত, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা জ্যোতিষ কুমাৰ শৰ্মা, অভিনেতা অৰ্পনা দত্ত চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দেৱশীষ শইকীয়া কবিতা পাঠ কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ মাতৃ, আদৰ্শ মাতৃ বঁটা প্ৰাপক মৃণালিনী দেৱীয়েও প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ ওচৰত এটি কবিতা পাঠ কৰে আৰু বক্তৃতা প্ৰদান কৰে। সভাত প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ ককায়েক দিগন্ত বিশ্ব শৰ্মা, বৌৱেক তথা মুখ্যমন্ত্ৰীৰ সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মা উপস্থিত থাকে। স্মাৰক বক্তৃতা অনুষ্ঠানৰ আগতে প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে।

You might also like