নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইচিচি এদিনীয়া ৰেংকিঙৰ দ্বিতীয়ত শুভমন গিল

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে প্ৰকাশ কৰিছে এদিনীয়া ক্ৰিকেটৰ বেটছমেনৰ শেহতীয়া ৰেংকিং। আজি প্ৰকাশ কৰা বেটছমেনৰ শেহতীয়া এদিনীয়া ৰেংকিঙত কেৰিয়াৰৰ শ্ৰেষ্ঠ দ্বিতীয় স্থান অৰ্জন কৰিছে ভাৰতীয় অ’পেনাৰ শুভমন গিলে। তেওঁৰ উপৰি আৰু দুজন ভাৰতীয় বেটছমেন শীৰ্ষ দহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। ২০১৯ চনৰ জানুৱাৰী মাহৰ পিছত এইবাৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষ ১০ৰ তালিকাত তিনিগৰাকী ভাৰতীয় বেটছমেনক অন্তৰ্ভুক্ত কৰা হৈছে। শুভমন গিলৰ উপৰি অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলি শীৰ্ষ দহটা ৰেংকিঙত অন্তৰ্ভুক্ত হৈছে। এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে প্ৰথম উইকেটত দৰ্শনীয় খেলিছিল গিলে। এই প্ৰতিযোগিতাত এতিয়ালৈকে একেৰাহে তিনিটা অৰ্ধশতক অৰ্জন কৰা শ্ৰীলংকাৰ বিৰুদ্ধে এছিয়া কাপৰ অন্তিমখন খেলত ৰোহিত শৰ্মাই অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলিছিল। আইচিচিৰ পুৰুষৰ এদিনীয়া বিশ্বকাপ আৰম্ভ হ’বলৈ এমাহো নৌহওঁতেই পাকিস্তানৰো শীৰ্ষ দহটা স্থানত আছে তিনিজন বেটছমেন। অধিনায়ক বাবৰ আজমে শীৰ্ষত আছে আৰু গিলতকৈ ১০০ৰো অধিক ৰেটিং পইণ্টৰ অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ইমাম-উল-হক আৰু ফখৰ জামান ক্ৰমে পঞ্চম আৰু দশম স্থানত আছে। এই শেহতীয়া ৰেংকিঙত দক্ষিণ আফ্ৰিকা-অষ্ট্ৰেলিয়া ছিৰিজৰ তিনিখন মেচ আৰু ইংলেণ্ড-নিউজিলেণ্ড ছিৰিজৰ দুখন মেচৰ প্ৰদৰ্শনকো অন্তৰ্ভুক্ত কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰ টেম্বা বাভুমাই যোৱা আঠখন এদিনীয়া মেচত তিনিটা শতক আৰু দুটা অৰ্ধশতক অৰ্জন কৰি শীৰ্ষ ১০ৰ ওচৰ চাপিছে। ২১ স্থানৰ জাম্প কৰি তেওঁ ১১ নম্বৰ স্থানত আছে আনহাতে ইয়াৰ পূৰ্বে তেওঁৰ শ্ৰেষ্ঠ ৰেংকিং আছিল ২৫ নম্বৰ স্থানত। অষ্ট্ৰেলিয়াৰ খেলুৱৈ ডেভিদ ৱাৰ্নাৰ (এটা স্থান বৃদ্ধি পাই চতুৰ্থ), ট্ৰেভিছ হেড (ছয় স্থান বৃদ্ধিৰে ২০ নম্বৰ) আৰু মাৰ্নাছ লাবুশ্বানে (২৪ স্থান বৃদ্ধিৰে ৪৫ নম্বৰলৈ) আকৰ্ষণীয় অগ্ৰগতি লাভ কৰিছে। শেহতীয়া ৰেংকিঙত দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰ্কৰাম, শ্ৰীলংকাৰ ছাদিৰা সমৰাভিক্ৰাম, ইংলেণ্ডৰ লিয়াম লিভিংষ্টন, নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু ডেভন কনৱেইও স্থান লাভ কৰিছে। বলাৰৰ তালিকাত নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট যৌথভাৱে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ এডাম জাম্পাই প্ৰথমবাৰৰ বাবে শীৰ্ষ পাঁচটাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন খেলত তেওঁ ৪টা উইকেট দখল কৰে। ভাৰতৰ বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱেও এছিয়া কাপৰ দুখন মেচত ৯টা উইকেটৰ সহায়ত ৫টা স্থান লাভ কৰিছে, যাৰ বাবে তেওঁ সপ্তম স্থানত উপনীত হৈছে।

You might also like