নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিত শ্বাহৰ উপস্থিতিত বিজেপিত চামিল বাবুলালৰ জেভিএম (পি)দল

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী তথা ঝাৰখণ্ড বিকাশ মর্চা (প্রজাতান্ত্রিক)ৰ সভাপতি বাবুলাল মাৰাণ্ডিয়ে তেওঁৰ দলটোৰ ভাৰতীয় জনতা পার্টীৰ সৈতে সোমবাৰে একত্রীকৰণ সম্পন্ন কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মাৰাণ্ডিক দললৈ আদৰণি জনায়৷

উল্লেখ্য যে ঝাৰখণ্ডৰ প্রথমজন মুখ্যমন্ত্রী মাৰাণ্ডি আৰু তেওঁৰ সমর্থকসকলে ৰাঁচীত অনুষ্ঠিত এক বিশাল সমাৰোহত বিজেপিৰ সৈতে একত্রীকৰণ সম্পন্ন কৰে৷ বাবুলাল মাৰাণ্ডিক সন্মান আৰু দায়িত্বসহকাৰে বিজেপিত স্থান দিব বুলি আশ্বস্ত কৰি গৃহমন্ত্রী অমিত শ্বাহে কয়– ‘মই উৎফুল্লিত যে বাবুলাল মাৰাণ্ডি বিজেপিলৈ ঘূৰি আহিছে৷ তেওঁ বিজেপিলৈ ঘূৰি অহাৰ বাবে ২০১৪ চনৰ পৰাই প্রচেষ্টা চলাই আহিছোঁ, যেতিয়া মই দলৰ সভাপতি হিচাপে নিযুক্ত হৈছিলোঁ৷’ ৰাঁচীত অনুষ্ঠিত আজিৰ জনাকীর্ণ সভাত জনতাক সম্বোধন কৰি অমিত শ্বাহে অযোধ্যাৰ বিষয় আৰু জম্মু–কাশ্মীৰৰ বিশেষ মর্যাদা কর্তন সন্দর্ভতো ভাষণ প্রদান কৰে৷

কেন্দ্রীয় গৃহমন্ত্রীজনে কয়– ‘সংবিধানৰ ৩৭০ আৰু ৩৫(এ) বাতিল কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ হোৱাটো নিশ্চিত কৰিলে৷’ ভাষণ প্রসংগত অমিত শ্বাহে আৰু কয় যে ৰাজ্যখনত বিৰোধী দলৰ ভূমিকা পালন কৰি বিজেপিয়ে ঝাৰখণ্ড চৰকাৰে গ্রহণ কৰা জনকল্যাণ আঁচনিসমূহৰ সমর্থন কৰিব৷

You might also like