নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় পথ সুৰক্ষা সন্মিলনঃ ষ্ট’কহ’মলৈ নীতিন গাডকাৰি

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় পথ পৰিবহণমন্ত্রী নীতিন গাডকাৰিয়ে এক বিশেষ কার্যসূচীৰ বাবে ষ্ট’কহ’মলৈ যাত্রা কৰিছে৷ তাত অনুষ্ঠিত হ’ব লগা ‘এচিভিং গ্ল’বেল গ’লছ ২০৩০’ শীর্ষক উচ্চ পর্যায়ৰ তৃতীয় পথ সুৰক্ষা সন্মিলনত ভাৰতৰ কেন্দ্রীয় মন্ত্রীজনে অংশগ্রহণ কৰিব৷

দুদিনীয়া এই সন্মিলনত পথ সুৰক্ষা সন্দর্ভত আন্তঃৰাষ্ট্রীয় কর্মসূচী গ্রহণ কৰি পথ সুৰক্ষাৰ ক্ষেত্রত বিশ্ব সম্প্রদায়ক প্রতিশ্রুতিবদ্ধ কৰিব৷

উল্লেখ্য যে ইয়াৰ আগতে ২০১৫ চনত ব্রাজিলত দ্বিতীয়সংখ্যক উচ্চ পর্যায়ৰ সন্মিলন সম্পন্ন হৈছিল ট্রেফিক সুৰক্ষাৰ ওপৰত৷ এই সন্মিলনত অংশ লোৱাৰ উপৰি নীতিন গাডকাৰিয়ে ষ্ট’কহ’মত ছুইডিছ  ইনফ্রাষ্ট্রাকচাৰ মন্ত্রী ট’মাছ এনইৰ’থ, বৈদেশিক বাণিজ্যমন্ত্রী আন্না হলবার্গ, বাণিজ্য–উদ্যোগমন্ত্রী ইব্রাহীম বেইলনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব৷

You might also like