নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ পূর্বে আঘাতত জর্জৰিত অসম কন্যা; ৪০০ মিটাৰ এৰি ২০০ মিটাৰলৈ হিমা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ চাৰিটা মাহ বাকী থকা অৱস্থাত আঘাতে জুৰুলা কৰিছে অসমৰ তাৰকা এথলিট হিমা দাসক৷ বিগত বর্ষৰ পৰা সন্মুখীন হৈ থকা পিঠিৰ আঘাতৰ লগতে শেহতীয়াকৈ তেওঁক জুৰুলা কৰিছে নেৰানেপেৰা জ্বৰে৷ প্রায় তিনি সপ্তাহ ধৰি নেৰানেপেৰাকৈ হোৱা জ্বৰৰ বাবে হিমাই নিয়মীয়া অনুশীলনতো ভাগ ল’ব পৰা নাই৷

ইয়াৰ পৰিপ্রেক্ষিতত অসমৰ বিৰল প্রতিভাৱান দৌৰবিদগৰাকীয়ে নিজৰ পছন্দৰ ৪০০ মিটাৰ দৌৰ ত্যাগ কৰি ২০০ মিটাৰত মনোনিৱেশ কৰিবলৈ বাধ্য হৈছে৷ ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনৰ হাই পাৰফৰমেন্স ডাইৰেক্টৰ ভ’লকাৰ হাৰমেনে কালি এই কথা ঘোষণা কৰে৷ দীর্ঘ দূৰত্বৰ দৌৰত অংশ ল’ব পৰাকৈ হিমা এই মুহূর্তত সুস্থ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এথলিটগৰাকীৰ ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি তেওঁক সম্প্রতি ২০০ মিটাৰত মনোনিৱেশ কৰাৰ পৰামর্শ দিয়া হৈছে৷

চলিত ছিজনত হিমাই ৪০০ মিটাৰ দৌৰত অংশ নলয়৷ ‘হিমা যথেষ্ট যুৱ খেলুৱৈ৷ এই মুহূর্তত তেওঁৰ ওপৰত অধিক দায়িত্ব জাপি দিলে তেওঁ চাপৰ সন্মুখীন হ’ব আৰু ভাৰতীয় এথলেটিক্ছ ফেডাৰেচনে এই ভুল কৰিব নিবিচাৰে৷ আমি তেওঁক লৈ অধিক খৰখেদা নকৰোঁ৷ চলিত বছৰটোত ব্যক্তিগত ইভেণ্টৰ ক্ষেত্রত হিমাই মাথোঁ ২০০ মিটাৰতহে মনোনিৱেশ কৰিব৷ এই ইভেণ্টত তেওঁৰ গতি উন্নত কৰাৰ ওপৰত আমি গুৰুত্ব দিম৷ ২০০ মিটাৰত সময় মান উন্নত হ’লে হিমাৰ ৪০০ মিটাৰৰ প্রদর্শনো উন্নত হ’ব৷ ২০২১ৰ পৰা তেওঁ ৪০০ মিটাৰতো সমানে গুৰুত্ব দিব পাৰিব৷’ ভ’লকাৰ হাৰমেনে এইদৰে কয়৷

ইফালে, ৪০০ মিটাৰৰ পৰা ২০০ মিটাৰলৈ সলনি হোৱাৰ ফলত হিমাই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জনৰ সম্ভাৱনা একপ্রকাৰ নাইকিয়া হ’ল৷ কাৰণ এই ইভেণ্টত যোগ্যতা অর্জন কৰিবলৈ তেওঁ ২২.৮০ ছেকেণ্ডত দৌৰ সম্পূর্ণ কৰিব লাগিব৷ কিন্তু এই মুহূর্তত হিমাৰ ২০০ মিটাৰত শ্রেষ্ঠ সময় হ’ল ২৩.১০ ছেকেণ্ডহে৷

You might also like