নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ লিংগ বৈষয়্যৰ ধাৰণাক লৈ উদ্বিগ্নতা প্ৰকাশেৰে ভাৰতীয় সেনাত মহিলাৰ নিযুক্তিক লৈ ঐতিহাসিক ৰায় প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে । দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ক বাহাল ৰাখি সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্ত্ৰচূড়ৰ নেতৃত্বত বিচাৰপীঠে ভাৰতীয় সেনাত মহিলাক স্থায়ী কমিছন পদত নিযুক্তিৰ যুগান্তকাৰী ৰায় দিলে৷ তদুপৰি বিচাৰপীঠখনে পুৰুষৰ সমানেই মহিলাকো ভাৰতীয় সেনাত সকলো সুবিধা প্রদান কৰিব লাগিব বুলি ৰায়টোত উল্লেখ কৰে৷ সমতাৰ ধাৰণাৰ বিৰুদ্ধে কেন্দ্রৰ স্থিতিক ককর্থনা কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে ভাৰতীয় সেনাত চলিত লিংগ বৈষম্যৰ প্রাচীৰ ভংগ কৰিলে৷
বিগত সময়ছোৱাত মহিলা বিষয়াই দেশৰ সেৱাত অগ্রগণী ভূমিকা লৈ থকাৰ প্রসংগ উল্লেখ কৰি বিচাৰপীঠে সশস্ত্র বাহিনীতো লিংগ বৈষম্যৰ ধাৰণাটোক আঁতৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ আৱশ্যক আছে বুলি প্রকাশ কৰে৷ তদুপৰি ২০১০ চনত দিল্লী উচ্চ ন্যায়ালয়ে মহিলা বিষয়াক স্থায়ী কমিছন পদত নিযুক্তিৰ বাবে অনুমতি প্রদানৰ পাছতো চৰকাৰে এইক্ষেত্রত কোনো পদক্ষেপ লোৱা নাই বুলি বিচাৰপীঠে ৰায়টোত উল্লেখ কৰে৷ ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৬ অনুচ্ছেদ অনুসৰি ৰাজহুৱা সেৱাত সমান সুবিধা লাভ কৰা সুযোগৰ বিৰুদ্ধে গৈ সেনাত মহিলা বিষয়াক কমাণ্ড পোষ্টিঙৰ পৰা বাহিৰত ৰখা হৈছে বুলি ককর্থনা কৰাই নহয়, কেন্দ্রীয় চৰকাৰৰ মনস্তাত্ত্বিক সীমাবদ্ধতা আৰু সামাজিক নিয়মৰ যুক্তিক প্রত্যাখ্যান কৰি সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে মহিলাক স্থায়ী কমিছন আৰু কমাণ্ড পোষ্টিং কৰিবলৈ নির্দেশ দিয়ে৷
ৰায়ত উল্লেখ কৰা মতে, যিসকল মহিলা বিষয়াই বিচাৰে, সেইসকল মহিলাক তিনি মাহৰ ভিতৰত স্থায়ী কমিছন পদত নিযুক্তিৰ অনুমতি দিবলৈ কেন্দ্রক নির্দেশ দিয়া হৈছে৷