🔹 এক অসম যাত্ৰাৰ নামত বাংলাদেশী মুছলমানক একত্ৰিত কৰিছে লুৰিণজ্যোতিয়ে : বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা
বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : ‘এচকাৰ্ট বেংকৰ দৰে অসমৰ জনসাধাৰণৰ ধনেৰে গঢ়ি উঠা ৰাজহুৱা প্ৰতিষ্ঠানক ধ্বংস কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰিয়ালৰ লোক প্ৰত্যক্ষভাৱে জড়িত আছিল৷ কোটিটকীয়া এল অ’ চি কেলেংকাৰি সংঘটিত কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতিগৰাকীৰ ভূমিকাৰ কথা সবৰ্জনবিদিত ৷ দুৰ্নীতি-অনিয়ম, ৰাজহুৱা সম্পত্তি আত্মসাতৰ দৰে পৰম্পৰাৰ অধিকাৰী দেৱব্ৰত শইকীয়াৰ দৰে ব্যক্তিয়ে কেৱল সমালোচনা কৰাৰ স্বাৰ্থতে বিজেপি দল আৰু দলৰ একাংশ নিৰ্বাচিত লোকৰ বিৰুদ্ধে মনেসজা কাহিনী সংবাদ মাধ্যমত প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ ৷ মনেসজা কাহিনীৰে অপপ্ৰচাৰ চলোৱাৰ বিপৰীতে তথ্য-প্ৰমাণসহ আদালতৰ কাষ চাপিবলৈ আমি প্ৰত্যাহবান জনাওঁ৷ তেওঁ আমাৰ এই প্ৰত্যাহ্বান নিশ্চয় গ্ৰহণ কৰিব।’ – এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ আজি সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই লগতে সকীয়াই দি কয় যে দেৱব্ৰত শইকীয়াৰ দৰে নেতা কুৎসা ৰটনা আৰু অপপ্ৰচাৰৰ পৰা আঁতৰি থকা উচিত। অন্যথা তেওঁৰ অৱশিষ্ট ভেটিও নোহোৱা হৈ পৰিব ৷ বৰ্তমান সময়ত কংগ্ৰেছৰ ওচৰত কোনো ৰাজনৈতিক ইছ্যু নাই৷ সেয়ে অপপ্ৰচাৰ, পৰচৰ্চাকে তেওঁলোকে ৰাজনৈতিক সমল হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি বিজেপি মুখপাত্ৰজনে মন্তব্য কৰে৷ চাহ বাগানত চলোৱা যাত্ৰা ‘ছুপাৰ ফ্লপ’ হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব চৰম হতাশাত ভোগা বুলি শৰ্মাই কটাক্ষ কৰে৷ আনহাতে, অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক বাংলাদেশী মূলৰ মুছলমানৰ ভোট আকৰ্ষণ কৰা অভিযান বুলি বিজেপিৰ মুখপাত্ৰজনে উল্লেখ কৰে৷ শৰ্মাৰ মতে, নিজকে গৌৰৱ গগৈতকৈ বেছি জনপ্ৰিয় হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবেই জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে এই যাত্ৰা কৰিছে৷ জাতীয় পৰিষদৰ এক অসম যাত্ৰাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মাটি, ভেটি, ভাষা, সংস্কৃতি, আস্থাকেন্দ্ৰ আদিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বাংলাদেশীয় মূলৰ লোককহে একত্ৰিত কৰা দেখা গৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই কয় ৷