🔹 বিজেপি মিত্রজোঁটে লোকসভা নির্বাচনত ১১–১২খন, ২০২৬ৰ বিধানসভা নির্বাচনত লাভ কৰিব ১০২–১০৩খন আসন
🔹 ‘কংগ্রেছলৈ নাযায় বিজেপিৰ এজনো বিধায়ক’
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ছেপ্টেম্বৰ : ‘আমি বিচাৰিলে কংগ্রেছত ভূমিস্খলন আনি দিব পাৰোঁ৷ কংগ্রেছত ভূমিকম্প আনি দিব পাৰোঁ৷ বর্তমান আমি কংগ্রেছৰ পৰা কম কম মানুহ লৈ আছোঁ বাবেই কংগ্রেছ অলপ ৰৈ আছে৷’- এই মন্তব্য বিজেপি নেতা তথা ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাৰ ৷ আজি জাগীৰোডত সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে কংগ্রেছলৈ নাযায় বিজেপিৰ এজনো বিধায়ক। বর্তমান কংগ্রেছত আছেনো কোন? কংগ্রেছৰ পৰা বিজেপিলৈ ইমানেই মানুহ আহিব বিচাৰে যে মাজতে আমি বন্ধ কৰি ৰাখিছোঁ৷ অলপ ইচ্ছা কৰিলে আমি কংগ্রেছ দল নোহোৱা কৰি দিব পাৰোঁ৷ ভূপেন বৰাৰ লগত থকা মানুহকো আনিব পাৰোঁ৷ ভূপেন বৰাই জেদ কৰিলে কংগ্রেছ দল খালী কৰি দিম, চাফা কৰি দিম৷ আনহাতে, কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে অসমত একো কৰিব নোৱাৰে বুলি মন্তব্য কৰি মন্ত্রী হাজৰিকাই কয় যে আসন্ন লোকসভা নির্বাচনত অসমত বিজেপি মিত্রজোঁটে ১১ৰ পৰা ১২খন আসন লাভ কৰিব৷ সেইদৰে ২০২৬ চনত হ’বলগীয়া বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০২ৰ পৰা ১০৩খন আসন লাভ কৰিব৷