🔹 সংগীত চৰ্চাই মানুহৰ মনলৈ প্ৰশান্তি আনে- তৰালী শৰ্মা
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰ : কালৰ কৰাল গ্ৰাসত বিলুপ্ত হোৱা স্বৰ্গীয় নৃত্য দেৱদাসী পুনৰ উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপৰ লগতে গুৰুত্ব প্ৰদান কৰিব পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীয়ে। বজালীৰ ডুবি পৰিহৰেশ্বৰ দেৱালয়ত এসময়ত প্ৰচলিত দেৱদাসী নৃত্যক পুনৰ উদ্ধাৰ কৰি এই নৃত্যটোক জনসমাদৃত, গৱেষণাসমৃদ্ধ কৰি তোলা হ’ব৷ নামনি অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ দেওবৰীয়া বিদ্যালয়ৰ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে আজি পাঠশালা নাট্যমন্দিৰত অনুষ্ঠিত কৰা সংস্কৃতি সংগম নামৰ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰণজিত ডেকাই। আনন্দৰাম বৰুৱা একাডেমী ডিগ্ৰী কলেজৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আৰু দেওবৰীয়া বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত ভাষণ প্ৰসংগত ড০ ডেকাই আৰু কয় যে পৰিবেশ্য কলাৰ লগতে ক্ৰীড়া, সংগীত, নৃত্য, কলা সকলো দিশ সামৰি ছাত্ৰ-ছাত্ৰীসকলক সুপৰিকল্পিতভাৱে আগুৱাই লৈ যোৱাৰ সকলো পদক্ষেপ আনন্দৰাম বৰুৱা একাডেমীয়ে গ্ৰহণ কৰিছে আৰু অনাগত দিনত বিজ্ঞানসন্মতভাৱে ইয়াক আগুৱাই নি দেওবৰীয়া বিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়ত উন্নীত কৰাৰ সকলো প্ৰচেষ্টা আনন্দৰাম বৰুৱা একাডেমীয়ে গ্ৰহণ কৰিব৷ আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰতিটো বিষয়ৰে স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰে, তাৰ ব্যৱস্থা আনন্দৰাম বৰুৱা একাডেমী ডিগ্ৰী কলেজে কৰিব বুলি মন্তব্য কৰে৷ অসম সৌৰভ বঁটাপ্ৰাপক, নাট্যযোদ্ধা কৃষ্ণ ৰয়ে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত আনন্দৰাম বৰুৱাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট নৃত্য শিল্পী ৰামকৃষ্ণ তালুকদাৰে৷ আনন্দৰাম বৰুৱা একাডেমীৰ সচিব উৎপল মেধিয়ে সামগ্ৰিকভাৱে পৰিচালনা কৰা আৰু মূকাভিনয় শিল্পী শৈলেন কাকতিয়ে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত কন্ঠশিল্পী তথা সংগীতকাৰ তৰালী শৰ্মাই ভাষণ প্ৰসংগত কয় যে শিক্ষাৰ্থীসকলে সংগীত শিকোতে খুটি-নাটি মাৰি শিকিব লাগে৷ তেওঁ কয় যে সংগীত চৰ্চাই মানুহৰ মনলৈ প্ৰশান্তি আনে৷ সঁচা অৰ্থত মানুহ হৈ থাকিবলৈ সংগীত শিকিব লাগে আৰু সংগীত শিকাৰ পিছতহে ইয়াৰ আচল মূল্য বুজা যায় বুলি মন্তব্য কৰি আনন্দৰাম বৰুৱা একাডেমীৰ দেওবৰীয়া বিদ্যালয় আৰু শিক্ষাবিদ ড০ ৰণজিৎ ডেকাৰ প্ৰয়াসৰ শলাগ লয়৷ ভিন্ন নৃত্য-গীত, বাদ্য পৰিৱেশন, মূকাভিনয়, অভিনয় আদিৰে সমৃদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, নৃত্যশিল্পী ৰামকৃষ্ণ তালুকদাৰে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক গীত, নৃত্যৰ চৰ্চা কৰিবলৈ হ’লে কোনকেইটা কথাত গুৰুত্ব আৰোপ কৰিব লাগে, সেই বিষয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি সংগীত, নৃত্যৰ ক্ষেত্ৰখনৰ বিশাল পৰিসৰ আৰু ইয়াৰ সুবিধাসমূহৰ সবিশেষ উল্লেখ কৰি বজালীৰ দেৱদাসী নৃত্যক পুনৰ উদ্ধাৰৰ বাবে আনন্দৰাম বৰুৱা একাডমী দেওবৰীয়া বিদ্যালয়ে লোৱা পদক্ষেপৰ লগত তেওঁ জড়িত হ’বলৈ পাই গৌৰb অনুভৱ কৰাৰ কথা জনায়৷ উল্লেখ্য যে আনন্দৰাম বৰুৱা একাডেমী দেওবৰীয়া বিদ্যালয়ত প্ৰশিক্ষক হিচাপে শিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু কন্ঠশিল্পী তৰালী শৰ্মা বিদ্যালয়খনৰ জন্মলগ্নৰে পৰা জড়িত হৈ আছে ৷ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকা, বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা