ব্রিজভূষণৰ বিৰুদ্ধে আছে নির্যাতনৰ প্রামাণিক তথ্য
🔹 আদালতত চাঞ্চল্যকৰ চার্জশ্বীট দাখিল দিল্লী আৰক্ষীৰ
বিশেষ বাৰ্তা, ২৫ ছেপ্টেম্বৰ : শেষ পর্যন্ত মল্লযুঁজাৰুসকলৰ অভিযোগতেই ছীল-মোহৰ মাৰিলে দিল্লী আৰক্ষীয়ে৷ দিল্লীৰ ৰছ এভিনিউ আদালতত বিস্ফোৰক চার্জশ্বীট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে৷ এই চার্জশ্বীটত উল্লেখ কৰা হৈছে যে মহিলা মল্লযুঁজাৰুসকলক নির্যাতনৰ কোনো সুযোগেই বাদ দিয়া নাছিল ব্রিজভূষণ চাৰণ সিঙে৷ বিজেপিৰ সাংসদগৰাকীৰ বিৰুদ্ধে যথেষ্ট তথ্য–প্রমাণ থকা বুলি দাবী কৰিছে দিল্লী আৰক্ষীয়ে৷ আৰম্ভণিৰ সময়ত দিল্লী আৰক্ষীয়ে ব্রিজভূষণৰ বিৰুদ্ধে তদন্ত কৰিব বিচৰা নাছিল৷ সেই দিল্লী আৰক্ষীয়েই তদন্তৰ পিছত চাঞ্চল্যকৰ অভিযোগ আনিলে ব্রিজভূষণৰ বিৰুদ্ধে৷ উল্লেখনীয় যে ব্রিজভূষণৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগত অটল হৈ আছে মল্লযুঁজাৰুসকল৷ মল্লযুঁজাৰুসকলৰ আন্দোলনৰ ফলত চলিত বছৰৰ জানুৱাৰীৰ পৰা উত্তাল হৈছিল দেশ৷ এই আন্দোলনত যোগ দিছিল সাক্ষী মালিক, ভিনেশ ফোগাট, বজৰং পুনিয়াৰ দৰে দেশৰ প্রথম শাৰীৰ মল্লযুঁজাৰুসকলে৷