🔹 ৩৫ ইণ্টাৰনেট সেৱা প্রদানকাৰী অনুষ্ঠানক সোধা–পোছা অব্যাহত
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা গুৱাহাটীৰ চাইবাৰ অপৰাধী চক্রৰ ভয়ংকৰ নেটৱর্কক লৈ আৰক্ষী–অপৰাধ শাখাৰ অব্যাহত আছে তদন্ত৷ গুৱাহাটীৰ পৰা দেশে–বিদেশে সাধাৰণ ৰাইজক সর্বস্বান্ত কৰি নিজৰ ভঁৰাল টনকিয়াল কৰা এই কুখ্যাত গেংটোৰ কার্যকলাপে তদন্তকাৰী আৰক্ষীকো হতভম্ব কৰি তুলিছে৷ প্রকৃততে ক’ৰ পৰা কিদৰে এই বৃহৎ নেটৱর্কটো অসমত গোঁজেই গজালি মেলাৰ দৰে চৌদিশে বিয়পি পৰিছিল, তাক উলিয়াবলৈ মহানগৰ আৰক্ষীয়ে আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূর্ণ সফলতা আহিবলৈ এতিয়াও প্রয়োজন হ’ব কিছু সময়ৰ৷ কিয়নো আৰক্ষী অপৰাধ শাখাই বহু লোকক এই সন্দর্ভত গ্রেপ্তাৰ কৰিছে যদিও এতিয়াও পলাতক হৈ আছে বৃহৎ এই নেটৱর্কটোৰ আঁৰৰ মূল অভিযুক্ত বুলি অভিযোগ উঠা তছদিকুৰ ৰহমান৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ বাবে ম’ষ্ট ৱাণ্টেড হৈ পৰা তছদিকুৰ ৰহমানক বিচাৰি আৰক্ষী অপৰাধ শাখাই অভিযান তীব্রতৰ কৰি তুলিলেও এতিয়ালৈকে জালত পৰা নাই৷ ৰাজ্যৰ চাইবাৰ অপৰাধ জগতত খলকনি তোলা কোন এই তছদিকুৰ ৰহমান? সম্প্রতি ইয়াকে লৈ ৰাইজৰ মাজত কৌতূহল বৃদ্ধি পাইছে৷ ৰাজ্য প্রশাসনৰ অৱসৰপ্রাপ্ত শীর্ষ প্রশাসনিক বিষয়া আতিকা চুলতানাৰ পুত্র তছদিকুৰ ৰহমান৷ দক্ষিণ শালমাৰা–মানকাচৰৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিত অভিযুক্ত হৈ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ জালত পৰিছিল আতিকা চুলতানা৷ কেইবা কোটিটকীয়া এই কেলেংকাৰিটোত অভিযুক্ত হোৱা আতিকা চুলতানাক জে’ললৈও প্রেৰণ কৰা হৈছিল৷ কুখ্যাত বিষয়া আতিকা চুলতানাৰে পুত্র তছদিকুৰ ৰহমানে এইবাৰ মাতৃৰ পিছতে একে পথেৰেই অপৰাধ জগতত একপ্রকাৰ খলকনি তুলিছে৷ মাতৃয়ে উৎকোচৰ দ্বাৰা সংগ্রহ কৰা টকাৰে কেলেংকাৰি কৰাৰ বিপৰীতে পুত্রই প্রৱঞ্চনাৰে ৰাইজৰ কষ্টোপার্জিত ধন সংগ্রহ কৰি বিলাসী জীৱন–যাপন কৰিছিল৷ বর্তমানেও আৰক্ষীয়ে সন্ধান অব্যাহত ৰখা তছদিকুৰ ৰহমানেই অসমত বিশেষকৈ গুৱাহাটী মহানগৰীত চাইবাৰ অপৰাধৰ নেটৱর্ক গঢ়ি তোলাত ইন্ধন যোগাইছিল৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, চাইবাৰ অপৰাধ চক্র এটা গঢ়ি তোলাৰ বাবে দীর্ঘদিনৰ পৰা পৰিকল্পনা কৰি আছিল তছদিকুৰ ৰহমানে৷ যাৰ বাবে বহিঃৰাজ্যৰ পৰা অহা চাইবাৰ অপৰাধীক আনি গুৱাহাটীত সকলো সুবিধা যোগান ধৰিছিল তছদিকুৰ ৰহমানে৷ আৰক্ষীৰ জিম্মাত থকা কেইবাজনো চাইবাৰ অপৰাধীয়ে তছদিকুৰ ৰহমানৰ নাম জেৰাত স্বীকাৰ কৰিছে৷ পলাতক তছদিকুৰ ৰহমানেই অপৰাধী চক্রটোক ভুৱা কল চেণ্টাৰৰ বাবে ভাৰাঘৰ ব্যৱস্থা কৰি দিয়া, কর্মচাৰী নিযুক্তিৰ সুবিধা কৰি দিয়া, কর্মচাৰীৰ থকাৰ বাবে ভাৰাঘৰৰ ব্যৱস্থা কৰা, সামগ্রী ক্রয় কৰাকে ধৰি বিভিন্ন প্রয়োজনীয় কামখিনি কৰি দিয়াত সহায় কৰি দিছিল৷ বিনিময়ত তেওঁ চাইবাৰ অপৰাধী চক্রটোৰ পৰা মাহেকত লাভ কৰিছিল মোটা অংকৰ কমিছন৷ উল্লেখ্য যে যোৱা ১৪ ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ এটা দলে মহানগৰীৰ বিভিন্ন প্রান্তত থকা ভুৱা কল চেণ্টাৰত অভিযান চলোৱাৰ সময়তে অজ্ঞাত উৎসৰ পৰা তছদিকুৰ ৰহমানে পাইছিল আৰক্ষীৰ আগমনৰ সম্ভাৱনাৰ বার্তা৷ সেইবাবেই নিশাৰ অন্ধকাৰৰ সুযোগ গ্রহণ কৰিয়েই হাতত সাৰে ভৰিত সাৰে গান্ধীবস্তিৰ শুভম এপার্টমেণ্টৰ পৰা অজ্ঞাত স্থানলৈ পলায়ন কৰিছিল তছদিকুৰ ৰহমানে৷ পলায়নৰ কিছু মুহূর্তৰ পিছতে আৰক্ষীয়ে তছদিকুৰ ৰহমানক বিচাৰি শুভম এপার্টমেণ্টত অভিযান চলাইছিল যদিও মাজনিশাই পলায়ন কৰা তছদিকুৰ ৰহমানক বিচাৰি নাপালে মহানগৰ আৰক্ষীয়ে৷ নিশাৰ অন্ধকাৰত বতাহৰ সৈতে মিলি যোৱাৰ লেখীয়াকৈ অন্তর্ধান হৈ পৰা তছদিকুৰ ৰহমানৰ শুংসূত্র বিচাৰি আৰক্ষীয়ে অভিযান চলালেও এতিয়াও জালত পৰা নাই তছদিকুৰ ৰহমান৷ অৱশ্যে আৰক্ষী সূত্রটোৱে সদৰী কৰা মতে, পলাতক তছদিকুৰ ৰহমানৰ সবিশেষ ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে৷ শীঘ্রে জালত পৰিব তছদিকুৰ ৰহমান৷ মূল অভিযুক্ত তছদিকুৰ ৰহমানক গ্রেপ্তাৰৰ লগে লগে হয়তো বহু তথ্য পোহৰলৈ আহিব৷ ইপিনে, অলপতে অপৰাধ শাখাই তলব কৰা মহানগৰীৰ ৩৫টা ইণ্টাৰনেট সেৱা প্রদানকাৰী সংস্থাক কালিও সোধা–পোছা কৰা হয়৷ মূলতঃ কাৰ নামত ইণ্টাৰনেট সেৱা গ্রহণ কৰি চাইবাৰ অপৰাধ চলোৱা হৈছিল বা মাহেকত কিমান পৰিমাণৰ ডাটা ব্যৱহাৰ কৰিছিল, সেই সকলোবোৰ তথ্য সংগ্রহ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কিছুদিন পূর্বে এক সংবাদ মেলত উল্লেখ কৰা মতে, হাই স্পীড ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰা চাইবাৰ চক্রটোৱে কাৰিকৰী প্রযুক্তিগতভাৱে ইমানেই শক্তিশালী আৰু নিখুঁত আছিল যে তেওঁলোকে নিজৰ মাজতে এটা ব্যক্তিগত এক্সচেঞ্জ তৈয়াৰ কৰি লৈছিল৷ য’ৰ পৰা সাধাৰণ ৰাইজলৈ নিতৌ লাখ লাখ প্রৱঞ্চনাযুক্ত ইণ্টাৰনেট ফোন কল অহা–যোৱা কৰিছিল, যিবোৰ তথ্য সুৰক্ষা এজেঞ্চীসমূহেও তলকিব পৰা নাছিল৷ সেইবোৰ সন্দর্ভতে বর্তমানে অপৰাধ শাখাই অভিযান অব্যাহত ৰাখিছে৷ সময় বাগৰাৰ লগে লগে আৰু বহু তথ্য হয়তো পোহৰলৈ আহিব৷